Ahmedabad Road Accident: গুজৰাটত শোকাৱহ দুৰ্ঘটনা; নিহত ৯জন, আহত ১৫জন
নেশ্যনেল ডেস্ক, ২০জুলাই : গুজৰাটত এক শোকাৱহ দুৰ্ঘটনা । বৃহস্পতিবাৰে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । এখন ডাম্পাৰৰ খুন্দা মাৰে মহিন্দ্ৰা থাৰেক ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো(Ahmedabad Road Accident) ।
প্ৰাপ্ত তথ্য অনুসৰি, গুজৰাটৰ আহমেদাৰ ইস্কন দলঙত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Ahmedabad Road Accident)। নিশা ইস্কন দলঙৰ ফালে যোৱা এখন ডাম্পাৰক পিছফালৰ পৰা মহিন্দ্ৰা থাৰে খুন্দা মাৰে । এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত ভিৰ হয় বহু মানুহ । আৰু সেয় সময়তে সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা।
জানিব পৰা মতে, প্ৰত্যক্ষ দৰ্শীয়ে দুৰ্ঘটনাৰ প্ৰত্য়ক্ষ কৰি থকাৰ সময়তে কৰ্ণাৱতী ক্লাবৰ পৰা অহা এখন জাগুয়াৰ বাহনে পথৰ কাষৰ ৰৈ থকা মানুহৰ জুমত খুন্দা মাৰে। এই ভিৰত প্ৰায় ৪০ৰ পৰা ৫০জন লোক আছিল বুলি জানিব পৰা গৈছে ৷ ফলত তেওঁলোক প্ৰায় ২৫ ফুটৰ পৰা ৩০ ফুট দূৰলৈ ছিটিকি পৰে । ফলত নিহত হয় ৯জনকৈ লোক আৰু আহত হয় ১৫জনকৈ লোক । ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক ততাতৈয়াকৈ স্থানীয় ছ’লা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (9 killed as speeding car rams into people gathered at accident site)।
উল্লেখ্য যে, মৃত যুৱককেইজন বোটাড আৰু সুৰেন্দ্ৰনগৰৰ যুৱক বুলি চিনাক্ত কৰা হৈছে । ভিৰ কৰা যুৱক-যুৱতীসকল বোটাদ আৰু সুৰেন্দ্ৰনগৰৰ পৰা পঢ়া-শুনা কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে ।মৃতলোকসকলৰ মাজত দুজন আৰক্ষী বিষয়া আছিল বুলিও তথ্য পোৱা গৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত গাড়ী চালকজনৰ নাম তাত্য পেটেল বুলি চিনাক্ত কৰা হৈছে (9 Dead In Road Accident On Iskcon Flyover In Gujarats Ahmedabad)।
খবৰ অনুসৰি, মহিন্দ্ৰা গাড়ী আৰু ডাম্পাৰৰ মাজত হোৱা দুৰ্ঘটনাটো চাবলৈ গোট খোৱা ভিৰত জাগুয়াৰ গাড়ী চালকে ভুলবশতঃ খুন্দা মাৰে ৷ এই দুৰ্ঘটনাত প্ৰথম দুৰ্ঘটনাত তদন্তৰ বাবে তাত উপস্থিত থকা যান-বাহন বিভাগৰ এজন আৰক্ষীৰো মৃত্যু হয় ।এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতে দলঙখনৰ ওপৰত দূৰ-দূৰণিলৈ সিঁচৰতি হৈ পৰে মৃতদেহ(9 killed and 15 injured) ।
লগতে পঢ়ক : Manipur Women Paraded Naked : নিকৃষ্ট কাণ্ড !ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড