Monsoon Session of Parliament: আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

নেশ্যনেল ডেস্ক, ২০জুলাই : আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ নতুন সংসদ ভৱনত অনুষ্ঠিত হব এই অধিৱেশন (Monsoon Session of Parliament) । আজিৰ এই অধিৱেশনত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ’ব। বিৰোধী দলসমূহে মণিপুৰৰ পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি চৰকাৰক শ’লঠেকত পেলোৱাৰ ইতিমধ্যে প্ৰস্তুতি কৰিছে ৷ যোৱা দুমাহ ধৰি মণিপুৰতত হৈ থকা হিংসাত্মক ঘটনাৰ চলি থকাৰ সময়ত মণিপুৰত শান্তি স্থাপন কৰাত ব্যৰ্থ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ (Monsoon session of Parliament to commence from today)।
এই বিষয়ক লৈ আজি সংসদ ভৱন উত্তাল কৰাৰ সম্ভাৱনা আছে । মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে ১৬০ জন লোকৰ মৃত্যু হৈছে ৷ কিন্তু মণিপুৰ জ্বলি শেষ হোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ শান্তিৰ বাবে কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ নকৰিলে । মণিপুৰত হিংসাত্মক ঘটনা চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ভ্ৰমণ কৰিলে কেইবাখনো বিদেশ । এনে পৰিপ্ৰেক্ষিত সংসদ এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় । লগতে এইবাৰ অধিৱেশনত ইউনিয়ন চিভিল ক’ডৰ বিষয়টো যথেষ্ট গুৰুত্ব লাভ কৰিব । ১৭ আগষ্টলৈ চলিব এই অধিৱেশন ।উত্থাপন হ’ব ৩১খন বিধেয়ক ।
উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত বিৰোধী পক্ষই মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰসংগত আলোচনাৰ বাবে দাবী উত্থাপন কৰিছিল । বিৰোধীৰ দাবীত সন্মতি প্ৰদান কৰে কেন্দ্ৰই। সদনত প্ৰধানমন্ত্ৰী মোডীৰ পৰাও বিবৃতি দাবী কৰে কংগ্ৰেছে। আনহাতে এইবাৰ ইউনিয়ন চিভিল ক’ডৰ বিষয়টোক লৈয়ো যথেষ্ট বিতৰ্ক হ’ব অধিৱেশনত। দিল্লী অধ্যাদেশক লৈয়ো হ’ব বিতৰ্ক। ইতিমধ্যে এই অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিৰোধীক সাক্ষাৎ কৰি ৰণনীতি প্ৰস্তুত কৰিছে (Monsoon Session 2023)।