Chamoli transformer explosion: উত্তৰাখণ্ডৰ চামোলীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ ঘটি নিহত আৰক্ষীসহ ১৫ গৰাকী ব্যক্তি
নেশ্যনেল ডেস্ক, ১৯ জুলাই : উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা(Chamoli transformer explosion) । জিলাখনৰ আলাকনন্দ নদীৰ পাৰত এটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ ঘটাৰ ফলত কমেও ১৫ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে (Chamoli transformer explosion)।
১৫ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱাৰ লগতে একে সময়তে বহু লোকক জুয়ে পোৰাৰ তথ্যও পোৱা গৈছে । আহতসকলক পিপালকোটি চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে । ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ।
উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে সংবাদ প্ৰতিস্থানক জনোৱা মতে, নিহত ব্যক্তিসকলৰ ভিতৰত পিপালকোটিৰ দায়িত্বত থকা এটা আউটপোষ্টৰ আৰক্ষীও আছে ।
চামোলিৰ আৰক্ষী অধীক্ষক পৰমেন্দ্ৰ ডোভালে জনোৱা অনুসৰি, “চামোলি জিলাৰ আলাকনন্দ নদীৰ পাৰ এটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ ঘটাৰ ফলত ১৫ জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হৈছে ।”
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, আহত লোকসকলক ইতিমধ্যে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আনহাতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে । ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হয় ৷
উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ পিছতে অৰ্থাৎ প্ৰথম তথ্যৰ ভিত্তিত ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছিল যদিও ইতিমধ্যে মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে । চামোলিৰ অলকানন্দা নদীৰ পাৰত নিৰ্মিত নমামি গংগাৰ প্ৰকল্পৰ ফালে বিস্ফোৰণ ঘটে ট্ৰেন্সফৰ্মাটোৰ । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বহু লোকৰ বিদ্যুৎস্পৃষ্ট হোৱাৰ খবৰ সম্প্ৰতি পোহৰলৈ আহিছে । চামোলিৰ নলা পৰিশোধন কেন্দ্ৰত ঘটনাটো সংঘটিত হৈছে । প্রকল্পস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।
উল্লেখ্য যে, মঙলবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে মৃতকৰ ব্যক্তিগত পঞ্চনামা কৰিবলৈ নৰ্দমা প্ৰকল্পৰ ওচৰত উপস্থিত হৈছিল তেতিয়াই এইঘটনা সংঘটিত হয়।
লগতে পঢ়ক : Rape and murder in Silchar : শিলচৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি