Local, Vocal, Global

CM changed social media Bio : মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে সামাজিক মাধ্যমৰ বায়’

নিউজ ডেস্ক, ১৯ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সলনি কৰিলে নিজৰ বায়’। ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ বুলি উল্লেখ কৰিলে । বিৰোধী মিত্ৰজোঁটৰ নাম INDIA ৰখাৰ পাছতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰে টুইটাৰৰ বায়’। সামাজিক মাধ্যম টুইটাৰ আৰু ফেচবুকত পূৰ্বৰ “Chief Minister of Assam” পৰিচয়ৰ সলনি কৰি “Chief Minister of Assam, BHARAT” বুলি লিখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মঙলবাৰে বেংগালুৰত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত ২৬ টা দলে অংশ গ্ৰহণ কৰে। এই দল সমূহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত লয়। দেশৰ ২৬ টা বিৰোধী ৰাজনৈতিক দলে বিজেপিক পৰাভূত কৰিবলৈ গঠন কৰিছে বিৰোধী মৰ্চা। যাৰ নাম ৰাখিছে “ইণ্ডিয়া(INDIA)”। ইণ্ডিয়াৰ অৰ্থ- ইণ্ডিয়ান নেছনেল ডেমক্ৰেটিক ইনক্লুচিভ এলায়েঞ্চ(Himanta Biswa Sarma adds ‘Bharat’ to Twitter bio after Opposition names alliance)।

অৱশ্যে এই নামটোক লৈ এতিয়াও সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত উপনীত হোৱা নাই। তথাপিও গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাই এই নামটোকেই চূড়ান্ত কৰাৰ পক্ষত থিয় দিছে। বিৰোধীৰ এই মৰ্চাত আছে কেইবাটাও শক্তিশালী দল। বিৰোধীৰ শক্তি দেখি ইতিমধ্যে শাসকীয় পক্ষত জোকাৰণিৰ সৃষ্টি হৈছে ।

বেংগালুৰত কংগ্ৰেছৰ নেতৃত্বত আয়োজিত হোৱা বিৰোধী দলৰ বৈঠকত বিজেপিক পৰাস্ত কৰিবলৈ একেলগে আগবঢ়াৰ সিদ্ধান্ত লৈ এই মঞ্চ গঠন কৰাৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, আমাৰ সভ্যতাৰ সংঘাত ভাৰত আৰু ইণ্ডিয়াৰ চাৰিওফালে কেন্দ্ৰিত হৈ আছে । ব্ৰিটিছে আমাৰ দেশক ইণ্ডিয়া বুলি নামাকৰণ কৰিছিল। আমি ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ হৈ যুঁজ দিছিল আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম। বিজেপি ভাৰতৰ বাবে ।

আৰু তাৰ পাছতেই সামাজিক মাধ্যমতো নিজৰ বায়’ সলনি কৰি “BHARAT” শব্দৰ উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰোধীক প্ৰত্যুতৰ দিয়াৰ বাবেই সামাজিক মাধ্যমত এই সাল-সলনি কৰা বুলি মত একাংশৰ।

লগতে পঢ়ক : Opposition alliance to called INDIA: বিৰোধী মিত্ৰজোঁটে প্ৰত্যাহ্বান জনাই বিজেপিক কলে- এতিয়া INDIA ৰ বিৰোধিতা কৰক