Rape and murder in Silchar : শিলচৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি
নিউজ ডেস্ক, ১৯ জুলাই : কাছাৰ জিলাৰ শিলচৰত উত্তপ্ত পৰিস্থিতি । এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ প্ৰতিবাদত উত্তপ্ত কাছাৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলীচালনা আৰক্ষীৰ (Rape and murder in Cachar)।
কাছাৰ জিলাৰ শিলচৰৰ ৰাংগীৰখাৰিৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰৰ নিশা শিলচৰ ৰাংগীৰখাৰিৰ সমগ্ৰ অঞ্চল উত্তপ্ত হৈ পৰে(protest against rape and murder) । আৰক্ষী আৰু সাধাৰণ ৰাইজৰ খণ্ডযুদ্ধত আহত চিআৰপিএফ বাহিনী আৰু আৰক্ষী জোৱান ।
উল্লেখ্য যে, যোৱা ১৬ জুলাইত শিলচৰ ৰাংগীৰখাৰি এলেকাৰ এগৰাকী যুৱতী সন্ধানহীন হৈছিল ৷ ইয়াৰ পিছতে নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ৰাংগীৰখাৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।
ইয়াৰ পিছত মঙলবাৰে অৰ্থাৎ ১৮ জুলাই ধুয়াৰবন্দ এলেকাত এটা বিল্ডিঙত কাম কৰা শ্ৰমিকে দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিয়ে ৷ যথাস্থানত আৰক্ষী গৈ উপস্থিত হোৱাৰ পিচতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰ্ধগলিত অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ । যুৱতীগৰাকীৰ পৰিয়ালে মৃতদেহটো তেওঁলোকৰ জীয়ৰীৰ বুলি চিনাক্ত কৰাৰ পিছতে মঙলবাৰৰ নিশা উত্তপ্ত হৈ পৰে ৰাংগীৰখাৰি এলেকাৰ পৰিৱেশ ৷ সহস্ৰাধিক লোক ওলায় আহি যুৱতীগৰাকীৰ মৃতদেহ লৈ পথ অৱৰোধ কৰাৰ লগতে হত্যাকাৰীৰ ফাঁচীৰ দাবীত সৰৱ হৈ উঠে।
ঘটনাস্থলীত কাছাৰ আৰক্ষী অধীক্ষক উপস্থিত হয় যদিও ঘটনা সন্দৰ্ভত উত্তেজিত হৈ পৰা ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ফলত চিআৰপিএফ আৰু আৰক্ষীৰ কেইবাজনো কৰ্মী আহত হয় বুলি জানিবলৈ পোৱা গৈছে ।
অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলী চালনা কৰে । পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ অঞ্চল জুৰি চিআৰপিএফ আৰু আৰক্ষী জোৱান মোতায়েন কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Bangalore Gang rape : বহিঃৰাজ্যত অসমৰ যুৱতীক ধৰ্ষণ