Wrestlers Sexual Harassment Case: দিল্লী আদালতে মঞ্জুৰ কৰিলে বৃজভূষণৰ অন্তৱৰ্তীকালীন জামিন
নতুন দিল্লী, ১৮ জুলাই: ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি বৃজভূষণ শৰণ সিঙক দিল্লীৰ আদালতে প্ৰদান কৰিছে অন্তৱৰ্তীকালীন জামিন (Delhi Court granted interim bail to Brijbhushan) । মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ গোচৰত আদালতে তেওঁক ২ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ হৰজিৎ সিঙৰ আদালতে ২৫ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত বিজেপি সাংসদগৰাকীৰ জামিন মঞ্জুৰ কৰে (Wrestlers Sexual Harassment Case) । তেওঁৰ লগতে ফেডাৰেচনৰ নিলম্বিত সহকাৰী সম্পাদক বিনোদ টোমাৰকো আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে ।
জানিব পৰা মতে, আদালতে জাৰি কৰা চমনৰ ভিত্তিত ব্রিজ ভূষণ আৰু বিনোদ টোমাৰে মঙলবাৰে আদালতত হাজিৰ হোৱাৰ লগতে গোচৰটোত জামিনৰ বাবেও আৱেদন কৰিছিল । সেই আবেদনৰ ভিত্তিতে আদালতে দুয়োকে ২ দিনৰ বাবে জামিন মঞ্জুৰ কৰে । মন কৰিবলগীয়া যে যোৱা ১৫ জুনত মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ গোচৰত সাংসদ ব্রিজ ভূষণ সাৰণ সিঙ(MP Brij Bhushan Sharan Singh)ৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪এ, ৩৫৪ডি আৰু ৫০৬ ধাৰাত আদালতত অভিযোগনামা দাখিল কৰা হৈছিল । এই ধাৰাসমূহৰ অধিকাংশই যৌন নিৰ্যাতন আৰু আনুষংগিক অপৰাধৰ লগত জড়িত (Case of sexual harassment of wrestlers)।
একেধৰণে বিনোদ টোমাৰৰ বিৰুদ্ধেও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১০৯, ৩৫৪, ৩৫৪ডি আৰু ৫০৬ ধাৰাৰে আদালতত অভিযোগনামা দাখিল কৰিছিল । ইফালে এই গোচৰত ব্রিজ ভূষণ শৰণ সিঙৰ অধিবক্তাই সংবাদ মাধ্যমৰ বিৰুদ্ধেও আদালতত অভিযোগ দাখিল কৰিছে ৷ তেওঁ কয় যে একাংশ সংবাদ মাধ্যমে তেওঁৰ ক্লায়েণ্টৰ বিৰুদ্ধে নিজাকৈ এখন আদালত গঠন কৰি পেলাইছিল । প্ৰসংগটোক লৈ অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশগৰাকীয়ে কয় যে এই লৈ ব্রিজভূষণে নিম্ন আদালত অথবা দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব পাৰে ৷
অৱশ্যে ব্রিজ ভূষণ শৰণ সিঙৰ অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ বিৰুদ্ধে দিয়া অভিযোগৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশগৰাকীয়ে শীঘ্ৰেই সংবাদ মাধ্যমৰ বাবে এটা নিৰ্দেশনা জাৰি কৰিব বুলিও আদালতত উল্লেখ কৰে । কিন্তু এই সন্দৰ্ভত কোনো আৱেদন নকৰিলে বিষয়টোক লৈ হস্তক্ষেপ নকৰে বুলিও কয় মুখ্য মহানগৰ দণ্ডাধীশ হৰজিৎ সিঙে (Additional Chief Metropolitan Magistrate Harjit Singh) ।
উল্লেখ্য যে, বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে নাবালিকা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দাখিল কৰা এজাহাৰখন পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰা হৈছিল । ফলত গোচৰটো খাৰিজ কৰা হৈছিল, সেই কথা অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে ।