Opposition alliance to called INDIA: বিৰোধী মিত্ৰজোঁটে প্ৰত্যাহ্বান জনাই বিজেপিক কলে- এতিয়া INDIA ৰ বিৰোধিতা কৰক
নেশ্যনেল ডেস্ক, ১৮ জুলাই: সমাপ্ত হ’ল কৰ্ণাটকৰ বেংগালুৰুত দুদিনীয়াকৈ অনুষ্ঠিত বিৰোধীৰ গ্ৰেণ্ড এলায়েন্সৰ বৈঠকখন । বৈঠকৰ অন্তত বিৰোধী নেতাসকলে এখন যৌথ সংবাদমেল সম্বোধন কৰে, য’ত নতুন মিত্ৰজোঁটৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । মিত্ৰজোঁটৰ এই নতুন নামটো ৰখা হৈছে INDIA(Opposition alliance to called INDIA) ।
কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে কয় যে এই বৈঠকৰ উদ্দেশ্য দেশ, গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰা । তেওঁ কয় যে মিত্ৰজোঁটৰ নামটোক লৈ বিৰোধীৰ সকলো নেতাই একমত হৈছে । ইউ পি এৰ সলনি এতিয়াৰ পৰা নতুন মিত্ৰজোঁটৰ নাম হ’ব ‘INDIA’। এই নতুন মিত্ৰজোঁটত থকা দলসমূহৰ পৰৱৰ্তী বৈঠকখন মুম্বাইত অনুষ্ঠিত হ’ব । তেখেতে কয় যে ২৬টা দল একত্ৰিত হৈ আমি এই মিত্ৰজোঁটক Indian National Developmental Inclusive Alliance (INDIA) নামেৰে নামাকৰণ কৰিছো ।
তেখেতে কয়, “আমি পুনৰ মহাৰাষ্ট্ৰৰ মুম্বাইত একত্ৰিত হম । মুম্বাইত অনুষ্ঠিত হ’ব লগা আলোচনাৰ অন্তত আমি সমন্বয়কসকলৰ নাম ঘোষণা কৰিম । আৰু অতি সোনকালেই মুম্বাইত অনুষ্ঠিত হ’ব লগা বৈঠকৰ তাৰিখ ঘোষণা কৰা হ’ব । আমাৰ একতা দেখি এতিয়া মোডীজীয়েও ৩০ টা দলৰ এখন বৈঠক আহ্বান কৰিছে । পূৰ্বে তেওঁলোকে মিত্ৰতাৰ কথাই উল্লেখ কৰা নাছিল । যিহেতু তেওঁলোকৰ এটা দলেই এতিয়া বহুকেইটা টুকুৰাত বিভক্ত হৈছে আৰু এতিয়া মোচীয়ে সেই টুকুৰাবোৰ সংযোগ কৰিবলৈ অহৰহ চেষ্টা কৰিছে।”
ভাৰতীয় জনতা পাৰ্টিক লক্ষ্য কৰি তেওঁ কয় যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনত দেশৰ গণতন্ত্ৰক লৈ খেল ধেমালী কৰি থকা হৈছে । ভাৰতৰ ধাৰণাটো সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে । এই বৈঠকত দেশৰ ২৬টা বিৰোধী দলৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ মিত্ৰজোঁটৰ নাম, ৰূপৰেখা আৰু উমৈহতীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰে । খৰ্গে কয় যে মিত্ৰজোঁটৰ পৰৱৰ্তী পৰ্যায়ৰ বৈঠকখন মুম্বাইত অনুষ্ঠিত হ’ব আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দিল্লীত এটা সচিবালয়ো স্থাপন কৰা হ’ব । কেন্দ্ৰীয় চৰকাৰে ইডি, চিবিআইৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰা বুলিও তেখেতে কয় ।
সংবাদমেলখনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কয়, “ৰাজনীতিত আমাৰ মতাদৰ্শ বেলেগ বেলেগ যদিও আমি দেশৰ বাবে একত্ৰিত হৈছো । বহুতে কব বিচাৰে, আমি পৰিয়াল বচাবলৈহে একত্ৰিত হৈছো, দেশ হৈছে আমাৰ পৰিয়াল আৰু আমি ইয়াক বচাবই লাগিব । এই একনায়কত্ববাদী চৰকাৰৰ বিৰুদ্ধে আমি যুঁজিম ।”
সংবাদমেলখনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, “এইয়া আমাৰ দ্বিতীয়খন বৈঠক আৰু এইবাৰৰ বৈঠকত ২৬টা দল একত্ৰিত হৈছে । আজি ২৬টা দলে নিজৰ বাবে একত্ৰিত হোৱা নাই, আমি দেশখনক ঘৃণাৰ পৰা উদ্ধাৰ কৰিব লাগিব । তাৰোপৰি আমি সকলোৱে এখন নতুন ভাৰতৰ সপোন লৈ একত্ৰিত হৈছো।”
NDA আৰু INDIAৰ মাজত হ’ব যুঁজ:
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, “এই যুঁজ বিৰোধী আৰু বিজেপিৰ মাজত নহয়। দেশৰ কণ্ঠ চূৰ্ণ-বিচূৰ্ণ কৰি পেলোৱা হৈছে, সেয়েহে আমাৰ এই যুঁজ দেশৰ বাবে । সেইকাৰণে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (INDIA) নামটো বাছনি কৰা হৈছে । এই যুঁজ NDA আৰু INDIAৰ যুঁজ । নৰেন্দ্ৰ মোডী আৰু ইণ্ডিয়াৰ মাজত কাজিয়া হৈছে । এইটো তেওঁলোকৰ আদৰ্শ আৰু ইণ্ডিয়াৰ মাজত যুঁজ । আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰি আমি আমাৰ আদৰ্শ আৰু আমি কি কৰিবলৈ গৈ আছো তাৰ বিষয়ে উল্লেখ কৰিম ।”