Local, Vocal, Global

Bangalore Gang rape : বহিঃৰাজ্যত অসমৰ যুৱতীক ধৰ্ষণ

নেশ্যনেল ডেস্ক, ১৮জুলাই : আন এক ধৰ্ষণ কাণ্ডই জোকাৰিছে দেশ ।এইবাৰ বহিঃৰাজ্যত অসমৰ যুৱতীক ধৰ্ষণ (accused in gang rape of Assam girl)। প্ৰেমিকৰ বন্ধুৰ দলবদ্ধ ধৰ্ষণৰ বলি প্ৰেমিকা । বেংগালুৰুত সংঘটিত হৈছে এই জঘন্য কাণ্ড ।চাৰি অভিযুক্তই যুৱতী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ঘটনা অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ নামনি অসমত । অভিযুক্ত শ্বাহিদ উদ্দিনৰ ঘৰ বেংগালুৰুত । নামনি অসমৰে এখন পাৰ্কত শ্বাহিদ উদ্দিন নামৰ এজন যুৱকৰ সৈতে চিনাকী হৈছিল যুৱতীগৰাকীয়ে । আৰু তেনেসময়তে দুয়োৰে মাজত আদান প্ৰদান হৈছিল মোবাইল নম্বৰ আৰু তাৰ পাছত দুয়োৰে আদান প্ৰদান হৈছিল কথা বতৰাৰ ।

লাহে লাহে দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক হৈছিল আৰু লাহে লাহে এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিবৰ্তন হৈছিল । ইয়াৰ পিছতে অভিযুক্ত শ্বাহিদ উদ্দিনে ভুক্তভোগী যুৱতীগৰাকীক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছত বিয়াৰ প্ৰলোভন দি এমাহ পূৰ্বে য়ুৱতীগৰাকীক বেংগালুৰুলৈ লৈ যায় । বেংগালুৰুলৈ গৈ দুয়ো এটা ভাড়াঘৰত থাকিবলৈ লয় ।তাতে থকাৰ কিছুদিন পিছত যুৱতাগৰাকীয়ে গম পাই যে শ্বাহিদৰ আন এগৰাকী নাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। এই কথা গম পোৱাৰ পাছত যুৱতীগৰাকীয়ে শ্বাহিদক কয় আৰু এই কথাৰ প্ৰতিবাদ কৰে ।

যুৱতীগৰাকীয়ে এই কথাৰ প্ৰতিবাদ কৰাত শ্বাহিদয়ে যুৱতীগৰাকীক নিজৰ পেন্টৰ বেল্টেৰে শাৰীৰিক প্ৰহাৰ কৰে আৰু কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে(20 year old girl gang raped in Bangalore) ।

জানিব পৰা মতে,ইয়াৰ পিছত কোঠাত আৱদ্ধ কৰি যুৱতীগৰাকীক ধৰ্ষণ কৰে শ্বাহিদে আৰু যুৱতীগৰাকীৰ নগ্ন ভিডিঅ ‘ বনাই আৰু সামজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে কিন্তু কেৱল ইমানতে শান্ত নাথাকিল নৰপিশাচ শ্বাহিদয়ে । ইয়াৰ পিছত শ্বাহিদয়ে নিজ চাৰিজন বন্ধুক মাতি আনি ধৰ্ষণ কৰিবলৈ দিয়ে প্ৰেমিকাক । প্ৰেমিকৰ পিছত প্ৰেমিকৰ বন্ধুৰ কামনাৰ বলি হ’ব লগা হয় যুৱতীগৰাকীয়ে(Youth raped his girlfriend with four friends in Bangalore) ।

প্ৰাপ্ত তথ্য় অনুসৰি, যুৱতীগৰাকীক এনেদৰে বন্ধ কোঠাত আৱদ্ধ কৰি ৰাখিছিল বহুদিন ইয়াৰ পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে ১৩জুলাই দিনটোত কোঠাটোৰ পৰা পলায়ন কৰে । শ্বাহিদৰ বন্ধ কোঠাৰ পৰা পলায়ন কৰি ওচৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লয় যুৱতী গৰাকীয়ে ।ইয়াৰ পিছত ঘটনাৰ বিৱৰি কয় আৰু স্থানীয় লোকৰ সহায়যোগে পাৰপ্পান্না আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু আৰক্ষীয়ে ভণ্ড প্ৰেমিক শ্বাহিদক গ্ৰেপ্তাৰ কৰে লগতে আন চাৰি পাষাণ ধৰ্ষকক গ্ৰেপ্তাৰৰ অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীৰ পৰা সূত্ৰ অনুসৰি , ভণ্ড প্ৰেমিক শ্বাহিদনে ভুক্তভোগী যুৱতীগৰাকীক প্ৰেমত আৱদ্ধ কৰি ব্যৱসায়ত ঠেলি দিয়াৰ পৰিকল্পনা কৰিছিল । লগতে শ্বহীদ বিবাহিত আৰু তেওঁৰ এটা পৰিয়াল আছে বুলিও আৰক্ষীক জনায়।

লগতে পঢ়ক : Revenge for Rapist : ধৰ্ষণকাৰীক প্ৰতিশোধ ল’লে খোদ ভুক্তভোগীয়ে, হত্যা কৰিলে ধৰ্ষণকাৰীক