Modi surname case : ‘মোডী উপাধি’ গোচৰত গুজৰাট উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি, ২১ জুলাইত হ’ব শুনানি
নেশ্যনেল ডেস্ক,১৮ জুলাই : শুকুৰবাৰে গুজৰাট উচ্চতম ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে (Modi surname case)। মোডী উপাধি গোচৰত গুজৰাট উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি ২১ জুলাইত হ’ব । মোডী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হয় । আবেদনখনৰ শুনানি ২১ জুলাইত হ’ব বুলি জানিব পৰা গৈছে ।
আবেদনখনৰ জৰিয়তে ৰাহুল গান্ধীৰ শাস্তিৰ ওপৰত স্থগিতাদেশ বিচৰা হৈছে আৰু মুখ্য ন্যায়াধীশৰ ওচৰত জৰুৰী শুনানিৰ বাবে আবেদন জনোৱা হৈছে । ৰাহুল গান্ধীৰ হৈ হাজিৰ হোৱা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ দ্বাৰা এই আবেদন দাখিল কৰা হৈছে ।
উল্লেখ্য ৰাহুল গান্ধীয়ে শনিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যিয়ে ‘মোডী উপাধি’ৰ মন্তব্যৰ বাবে চুৰাট আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল।
খবৰ অনুসৰি, ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত শাস্তি স্থগিত ৰখাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছে আবেদনখন দাখিল কৰে । অৱশ্যে দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল যে ৰাহুল গান্ধীয়ে শাস্তি স্থগিত ৰখাৰ বাবে শীৰ্ষ আদালতত আবেদন দাখিল কৰিব ।
ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি পূৰ্বেই ইংগিত দিছিল । ৭ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুনৰীক্ষণ আবেদনৰ শুনানিৰ সময়ত তেওঁৰ দাবী খাৰিজ কৰিছিল । তেতিয়াৰ পৰাই কংগ্ৰেছে এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ কথা ঘোষণা কৰিছিল ।
উল্লেখ্য যে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এক ৰেলীৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । মোদী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে বিজেপি নেতাই গোচৰ ৰুজু কৰিছিল । গোচৰটোৰ শুনানিৰ সময়ত বিচাৰ আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে । এই সিদ্ধান্তক গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল ।
অৱশ্যে উচ্চ ন্যায়ালয়ে আবেদনখনৰ দাবী নাকচ কৰে । এই আদেশত হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই বুলিও আদালতে উল্লেখ কৰে । যাৰ বাবে ন্যায়ৰ দাবীত ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছেও এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।
দণ্ডাধীশ আদালতে গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত তেওঁ চেচনছ আদালতৰ কাষ চাপিছিল, যিয়ে ২০ এপ্ৰিলত তেওঁৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ বাবে কৰা আবেদন নাকচ কৰিছিল।তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।