Minor gang raped in Ranchi : কিশোৰীক দলবদ্ধ ধৰ্ষণ, বন্ধুৰ সৈতে মিলি কৰিলে ধৰ্ষণ
নেশ্যনেল ডেস্ক, ১৭জুলাই : বিগত কেইবাদিন ধৰি দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি দেশত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে(Minor gang raped)।
এনেবোৰ ঘটনাৰ মাজতে আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে ঝাৰখণ্ডৰ। ১০জন পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী(Minor gang raped in Ranchi )।
ঘটনা বিৱৰণি অনুসৰি ,দেওবাৰে নিশা কিশোৰীগৰাকীয়ে নিজ বন্ধুবৰ্গৰ সৈতে এটা পাৰ্টি উদযাপন কৰি ঘৰলৈ উভতি আহি আছিল । আৰু সেই সময়তে নাবালিকা বন্ধু আৰু একাংশ যুৱকে দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ কিশোৰীগৰাকীক ।
প্ৰাপ্ত তথ্য অনুসৰি, ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দেওবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো । ইয়াৰ পিছতে সোমবাৰে পুৱা ৬ মান বজাত আৰক্ষীক অৱগত কৰে ঘটনাৰ সন্দৰ্ভত । ঘটনাৰ খবৰ পাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০ জন অভিযুক্তক আটক কৰে । আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটাইকেই সোধা-পোছা কৰে( Minor girl gangraped while returning home from party।
জানিব পৰা অভিযুক্ত কেইজন নাবালক । এই ঘটনাৰ সন্দৰ্ভত ৰাঁচী মহানগৰৰ আৰক্ষী অধীক্ষক শুভংশু জৈনে কয় যে, অভিযুক্তসকলৰ কিছুমান ভুক্তভোগীৰ চিনাকীৰ।
লগতে তেওঁ উল্লেখ কৰে যে, দুদিন পূৰ্বে আৰক্ষী থানা অঞ্চলত চাৰিজন যুৱকে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু সেই ঘটনাৰ দেওবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে পুৱা প্ৰায় ৬ বজাত ঘটনাৰ তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে হাতিয়াৰ ডিএছপি ৰাজা কুমাৰ মিত্ৰ আৰু পুন্দেগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিবেক কুমাৰ আৰু আৰ্গোদা, দৰন্দা আৰক্ষী থানাৰ আৰক্ষীয়ে পুৱা ৯ বজালৈকে ১০ জন অভিযুক্তক অভিযান চলাই আটক কৰে ।
লগতে পঢ়ক : Dergaon rape case : পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ডই কপাঁইছে ৰাজ্য