Local, Vocal, Global

Extramarital Affair: বিবাহিতা মহিলাৰে প্ৰেম কৰিবলৈ গৈ প্ৰেমিকাসহিতে প্ৰহৃত হ’ল তৃণমূলৰ নেতা

নেশ্যনেল ডেস্ক, ১৬ জুলাই: তৃণমূল কংগ্ৰেছৰ এজন নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে পৰপত্নীৰ লগত পৰকীয়া প্ৰেমৰ এক গুৰুতৰ অভিযোগ(Extramarital Affair) । ইয়াৰ বাবেই এখন গাঁৱৰ ৰাইজে হাতত তুলি ললে আইন । শনিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনাটো । অভিযোগ অনুসৰি বিবাহ বহিৰ্ভূত প্ৰেমৰ এক সম্পৰ্ক চলাই যোৱাৰ অভিযোগত সদ্য বিদায়ী এজন পঞ্চায়ত প্ৰতিনিধি তথা তৃণমূল কংগ্ৰেছৰ নেতা আৰু তেওঁৰ প্ৰেমিকাগৰাকীক গছত বান্ধি গাঁওবাসীয়ে প্ৰহাৰ কৰে(Villagers tied a tree and beat) । আনকি গাঁৱৰ একাংশ লোকে তেওঁলোকৰ গাত বোকা সানি দিয়াৰো অভিযোগ উত্থাপন হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰহৃত তৃণমূল নেতাজন নাম অনন্ত দোলৈ বুলি জানিব পৰা গৈছে । ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰৰ দাসপুৰৰ ১ নং ব্লকত । ঘটনাটোৰ সন্দৰ্ভত তথ্য পোৱাৰ পিছতে সেই স্থানত দাসপুৰ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দল উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে(They rescued by police team) ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, চণ্ডীপুৰ অঞ্চলৰ তৃণমূল নেতা তথা অঞ্চলটোৰ সদ্য বিদায়ী পঞ্চায়ত প্ৰতিনিধি অনন্ত দোলৈয়ে গাঁওখনৰে এগৰাকী ২৬ বছৰীয়া মহিলাৰ সৈতে ৰাখিছিল এক অবৈধ সম্পৰ্ক । দুয়োৰে মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে প্ৰায়েই মহিলাগৰাকীৰ ঘৰলৈ আহজাহ আছিল তেওঁৰ । আন দিনাৰ দৰে শনিবাৰে নিশাও তেওঁ মহিলাগৰাকীৰ ঘৰলৈ যোৱা প্ৰত্যক্ষ কৰিছিল গাঁওখনৰ একাংশ লোকে । তাৰ পিছত স্থানীয় একাংশই তৃণমূলৰ এই নেতাজনৰ লগতে মহিলাগৰাকীক হাতে লুটে কৰায়ত্ব কৰে ।

অভিযোগ অনুসৰি, দুয়োকে কৰায়ত্ব কৰাৰ পাছতে তেওঁলোকক এডাল গছত বান্ধি সোধালে উত্তম মাধ্যম । তাৰোপৰি মহিলাগৰাকীয়ে পৰিহিত শাৰীখনেৰেই দুয়োকে বান্ধিছিল গছত । আইন হাতত তুলি লোৱা গাঁওখনৰ একাংশই দুয়োকে প্ৰহাৰ কৰাৰ লগতে মূৰত বোকা ঢালি দিয়া বুলিও জানিব পৰা গৈছে । সেই স্থানত উপস্থিত একাংশই আকৌ কেমেৰাত বন্দী কৰিলে সেই দৃশ্য । ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সমগ্ৰ ঘটনাৰ বিভিন্ন দৃশ্য ।

পৰৱৰ্তী সময়ত ঘটনাটোৰ বিষয়ে অৱগত হোৱাত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে যদিও এই ঘটনাৰ লগত জড়িত কোনো লোকক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মুখোপাধ্যায়ে এই কথা অৱগত কৰি লগতে কয়, এই সন্দৰ্ভত এতিয়ালৈকে কোনেও থানাত এজাহাৰ দাখিল কৰা নাই আৰু সেয়েহে বৰ্তমানলৈকে কোনো লোককে গ্ৰেপ্তাৰ অথবা আটক কৰা হোৱা নাই ।”

এই ঘটনাটোৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত প্ৰত্যক্ষ কৰি সকলোৱে ইয়াক একেমুখে দিছে গৰিহনা । আইন হাতত তুলি লৈ গাঁওবাসীয়ে কৰা মৰেল পুলিছৰ এই ভুমিকাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীক অৱগত নকৰি গাঁওবাসীয়ে কিয় নিজৰ হাতত তুলি ললে আইন ?

লগতে পঢ়ক: Gang Rape In MP : যুৱতীক দলবদ্ধ ধৰ্ষণ , জড়িত বিজেপি নেতাৰ পুত্ৰ, নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন