Earthquake in Alaska : আলাস্কাত ভূঁইকপৰ জোকাৰণি

ইন্টাৰনেশ্যনেল ডেস্ক, ১৬জুলাই: এটাৰ পিছত আন এটা বৰ ভূঁইকপে কপাঁই গৈছে সমগ্ৰ বিশ্ব । এইবাৰ আলাস্কাৰ হোমাৰত আহিল এটা উচ্চ প্ৰাব্যলৰ ভূঁইকপ। দেওবাৰে অহা ৭.০ প্ৰাবল্যৰ এই ভূমিকম্পই কপাঁই গল আলাস্কাকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল(Earthquake in Alaska) । এই ভূঁইকপৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে (National Centre of Seismology) জাৰি কৰিছে চুনামীৰ সতৰ্কবাণী ।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে ১ বাজি ৩৩ মিনিটত অহা এই ভুইকপে কপাঁই গ’ল আলাস্কা। দেশখনৰ আলাস্কাৰ হোমাৰৰ পৰা প্ৰায় ৮০১ কিলোমিটাৰ পশ্চিমত ৭.০ প্ৰাবল্যৰ এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এই ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বুলি জানিব পৰা গৈছে । দেশখনৰ ভূতাত্ত্বিক বিভাগৰ তথ্য অনুসৰি এই ভূ-কেন্দ্ৰ ক্ৰমে ৫৪.৫৯ আৰু দ্ৰাঘিমাংশ -১৬১.০৫ অক্ষাংশত ৰেকৰ্ড কৰা হৈছে(Earthquake Of 7.4 Magnitude Hits Alaska Peninsula Region) ।
অৱশ্যে এই ভূঁইকপত এতিয়ালৈকে কোনো ধৰণৰ হতাহত বা বিশেষ ক্ষয় ক্ষতিৰ খবৰ অহা নাই।
বিগত বৰ্ষৰ দুই-তিনি মাহত ভাৰতেও সন্মুখীন হৈছে কেইবাটাও সৰু-বৰ ভূঁইকপৰ। নেপাল, আফগানিস্থান, ভূটান আদি লগতে ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, ৰাজস্থানকে ধৰি বহু ঠাইক জোকাৰি গৈছে সৰু-বৰ ভূঁইকপে । এই সৰু-বৰ ভূঁইকপে ফলত বিশেষ ক্ষতিসাধন হোৱা দেখা নাই যদিও সঘনাই ভূমিকম্প হৈ থকাৰ বাবে বিপদৰ উমান পাইচে বিজ্ঞানীসকলে।
আনহাতে দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাত হয় ৭.৪ প্ৰাবল্যৰ ভূমিকম্প। ইয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে সতৰ্কবাণী জাৰি কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে জাৰি কৰা সতৰ্কবাণী অনুসৰি এয়া চুনামিৰ লক্ষণ।
লগতে পঢ়ক : Air India Official Slapped : বিমানত জ্যেষ্ঠ বিষয়াক যাত্ৰীৰ অসভ্য আচৰণ, শোধালে চৰ