Local, Vocal, Global

Ghograpar Police station case: অচেতন অৱস্থাত উদ্ধাৰ হোৱা মষ্ট ৱাণ্টেড বিমান ৰয়ক গ্ৰেপ্তাৰ

গুৱাহাটী, ৭জুলাই : অৱশেষত গ্ৰেপ্তাৰ হ’ল বিমান ৰয়। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ বিমান ৰয়ক। ২১ জুনত এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল বিমান ৰয়ৰ বিৰুদ্ধে। থানাৰ ভিতৰতে কিশোৰীগৰাকীক আপত্তিজনক ফটো তোলাৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয় বিৰুদ্ধে(Ghograpar Police station case)।

এই ঘটনাৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল বিমান ৰয়ক।২৯জুনৰ পৰা পলাতক অৱস্থাত আছিল বিমান ৰয়।আৰক্ষীয়ে বিমান ৰয়ৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।অৱশেষত আজি গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে বিমান ৰয়ক। এই ঘটনাৰ পিছতে পলায়ন কৰিছিল বিমান ৰয়। অৱশেষত আজি গুৱাহাটী ৰে’ল ষ্টেচনত আৰক্ষীৰ জালত পৰে বিমান ৰয়।

প্ৰাপ্ত তথ্য অনুসৰি ৰে’লৱে ষ্টেচনৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে বিমান ৰয়ক ।কিন্তু কি পৰিস্থিতিত আৰু কেনেকৈ আৰক্ষী বিষয়াগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো তথ্য সদৰি কৰা নাই। মষ্ট ৱাণ্টেড ঘোষণা কৰা ৰয়ক আৰক্ষীয়ে চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক : Assam police shot drug Smuggler : ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা