Local, Vocal, Global

Pakistani woman falls in love with Indian Youth: ভাৰতীয় যুৱকৰ প্ৰেমত পৰি চাৰি সন্তানৰ পাকিস্তানী মাতৃ পালেহি গ্ৰেটাৰ নয়ডা

নেশ্যনেল ডেস্ক, ৩ জুলাই: PUBG খেলি খেলিয়েই অৱশেষত এগৰাকী পাকিস্তানী মহিলাই প্ৰেমত পৰিল গ্ৰেটাৰ নয়ডাৰ এজন যুৱকৰ(Pakistani woman falls in love with Indian Youth) । কেৱল এয়াই নহয়, মহিলাগৰাকীৰ ভালপোৱা ইমানেই গভীৰ আছিল যে তেও চাৰিটা সন্তানক লগত লৈ প্ৰেমিকক লগ কৰিবৰ বাবে পালেহি গ্ৰেটাৰ নয়ডাস্থিত যুৱকৰ ঘৰ(Pakistani woman falls in love with Indian Youth) । ইয়াৰ পিছতে মহিলাগৰাকীৰ সৈতে ৰাবুপুৰাৰ এটা ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে যুৱকজনে । প্ৰায় ডেৰ মাহৰ অন্তত যেতিয়া আৰক্ষীয়ে এই কথা জানিব পাৰিলে, তাৰ পিছতেই গ্ৰেটাৰ নয়ডা সৃষ্টি হয় এক আলোড়নৰ (Pakistani woman falls in love with Indian Youth)কিন্তু আৰক্ষীৰ জালত পৰাৰ পূৰ্বেই মহিলাগৰাকীয়ে সন্তান আৰু প্ৰেমিকৰ সৈতে ৰাবুপুৰাৰ সেই ভাড়াঘৰৰ পৰা পৰা পলায়ন কৰে । ইফালে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

দৰাচলতে পাকিস্তানৰ কৰাচীৰ এগৰাকী মহিলাই PUBG গেম খেলি থকাৰ অৱস্থাতে ৰাবুপুৰাৰ বাসিন্দা শচীন নামৰ যুৱকজনৰ প্ৰেমত পৰে (Pakistani woman falls in love with Indian Youth)। ইয়াৰ পিছত প্ৰথমে শচীনে নেপাললৈ গৈ কাঠমাণ্ডুত লগ কৰিছিল সীমাক । লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে । ইয়াৰ পিছত মহিলাগৰাকীয়ে নেপাল হৈ শচীনক লগ কৰিবলৈ গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰালৈ আহে আৰু তেওঁৰ তিনি কন্যা আৰু এটি ল’ৰাক লগত লৈ এটা ভাড়াঘৰত শচীনৰ লগত থাকিবলৈ আৰম্ভ কৰে । কিন্তু ডেৰ মাহৰ পাছত স্থানীয় আৰক্ষীয়ে বিষয়টো গম পোৱাৰ পাছত শনিবাৰে মহিলাগৰাকীয়ে নিজৰ সন্তান আৰু প্ৰেমিকৰ সৈতে মথুৰালৈ পলায়ন কৰে ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, ২০২০ চনত অনলাইন গেম PUBG খেলি থকাৰ সময়তে শচীনৰে চিনাকি হৈছিল পাকিস্থানৰ এই মহিলাগৰাকীৰ সৈতে । ইফালে এই মহিলাগৰাকীয়ে পূৰ্বে কৰাচীৰ বাসিন্দা হাইদৰ নামৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তিনি কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ এই মহিলাগৰাকীক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল তেওঁৰ স্বামী হাইদৰে । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে স্বানীৰ কাষৰ পৰা আঁতৰি আহে । লাহে লাহে তেওঁ অনলাইন গেম PUBG ৰ প্ৰতি আসক্ত হৈ পৰাৰ সমান্তৰালভাৱে গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীনৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তুলে । এনেদৰেই দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িবলৈ আৰম্ভ কৰে আৰু আজীৱন দুয়ো একেলগে থকাৰ পণ লয় । ইফালে শচীনেও মহিলাগৰাকীক লগ কৰিবলৈ দুবাৰকৈ নেপাললৈ যায় । পৰৱৰ্তী সময়ত চাৰি সন্তানসহ মহিলাগৰাকীয়ে পাকিস্তানৰ পৰা বিমানেৰে নেপাললৈ আহি ১৩ মে’ত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ ৰাবুপুৰাস্থিত শচীনৰ ঘৰত উপস্থিত হয় ।

ইয়াৰ পিছত শচীনে আম্বেদকাৰ নগৰত এটা ভাড়াঘৰ লৈ তাতে সন্তানসহিতে মহিলাগৰাকীক ৰখাৰ ব্যৱস্থা কৰে । শচীনে নিজৰ পৰিচয় পত্ৰ ঘৰৰ মালিকক দেখুৱাই ঘৰটো ভাড়াত লৈছিল । সেয়েহে মহিলাগৰাকীৰ পৰিচয়ৰ কোনো প্ৰমাণ দেখুৱাৰ প্ৰয়োজন নহ’ল । শচীনে ঘৰৰ মালিকক মাথো জনালে যে, মহিলাগৰাকী বুলণ্ডশ্বহৰৰ শিকাৰপুৰৰ সমীপৰ আহমেদগড় অঞ্চলৰ এখন গাঁৱৰ বাসিন্দা ।

ইফালে শচীনে ৰাবুপুৰাৰ এখন গেলামালৰ দোকানত মাহে দহ হাজাৰ টকাৰ দৰমহাত কাম কৰিছিল ।

আনহাতে মহিলাগৰাকীয়ে শচীনৰ লগত বিবাহপাশত আবদ্ধ হৈ ভাৰতীয় নাগৰিকত্ব লোৱাৰ পৰিকল্পনা কৰিছিল । ইয়াৰ বাবে আইনী সহায় লোৱা হৈছিল যদিও বিষয়টো স্থানীয় আৰক্ষীৰ দৃষ্টিগোচৰ হয় । আৰক্ষীয়ে তালাচী কৰাৰ আগতীয়াকৈ উমান পাই অতি কৌশলেৰে চাৰি সন্তান আৰু যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে ঘৰটোৰ পৰা পলায়ন কৰে । জানিব পৰা অনুসৰি, তেওঁলোকে ৰাবুপুৰাৰ পৰা আগ্ৰালৈ বুলি বাছত উঠিছিল । শেহতীয়াকৈ, মথুৰাত মহিলাগৰাকীৰ স্থিতিৰ উমান পাইছে আৰক্ষীয়ে । অৱশ্যে স্থানীয় আৰক্ষীয়ে বিষয়টোক লৈ কোনো তথ্য দিয়াৰ পৰা বিৰত আছে যদিও শীঘ্ৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Drone spotted over PM residence : প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন