Local, Vocal, Global

Air Force planes crashed : কলম্বিয়াৰ মাজ আকাশত দুৰ্ঘটনাত পতিত দুখনকৈ যুঁজাৰু বিমান, নিহত দুজন পাইলট

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 জুলাই : মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিত প্ৰশিক্ষণৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হ’ল কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমান । দুজন পাইলট নিহত(Air Force planes crashed) ৷

কলম্বিয়াৰ মাজ আকাশত দুখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে(Air Force planes crashed) । বিমান কেইখন দুৰ্ঘটনাত পতিত হোৱাৰ লগেই লগেই জুই লাগে বিমান কেইখনত । অনুশীলনৰ সময়ত বিমান কেইখন সংঘৰ্ষৰ ফলত দুজন পাইলটৰ মৃত্যু হৈছে (two planes of the colombian air force have crashed)।

প্ৰশিক্ষণৰত অৱস্থাতে বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ মধ্য কলম্বিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমান । হেৰাল্ডো ডেল নৰ্টেয়ে জনোৱা অনুসৰি শনিবাৰে আপিয়ায় গাঁৱত বিমান দুখন দুৰ্ঘটনাগ্ৰস্ত হয় । বিমান দুখনৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত দুখন বিমানৰ মাজত সংঘৰ্ষ হৈ মাটিত পৰি যায়।

স্থানীয় ৰেডিঅ’ নেটৱৰ্ক ডব্লিউ ৰেডিঅ’ কলম্বিয়াই প্ৰকাশ কৰা অনুসৰি শনিবাৰে মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিত প্ৰশিক্ষণৰত অৱস্থাত থকা কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমানৰ মাজ আকাশত সংঘৰ্ষ হয় । দেশৰ বায়ুসেনাই প্ৰকাশ কৰা বিবৃতি অনুসৰি এই মাৰাত্মক দুৰ্ঘটনাটোৰ ফলত কমেও দুজন পাইলট নিহত হয় । মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিৰ সীমাৰ ভিতৰতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে, স্কাইব্ৰেৰীয়ে জানিবলৈ দিয়া মতে, টি- 27 নামৰ বায়ুসেনাৰ বিমান দুখন ব্ৰাজিলৰ বায়ুসেনাৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু দক্ষিণ আমেৰিকাৰ বেছিভাগ বায়ুসেনাই ব্যৱহাৰ কৰিছিল এই টি- 27 বিমান । এই বিমানখনে চেছনা টি-37 ৰ স্থান গ্ৰহণ কৰে । ইজিপ্ত আৰু ইৰাক আছিল টি- 27 নামৰ বিমানখনৰ প্ৰথম বহিঃৰাজ্যৰ ৰপ্তানি গ্ৰাহক । টি- 27 বিমান দুৰ্ঘটনাৰ ভিডিঅ’ প্ৰকাশৰ সমান্তৰালভাৱে বিমানৰ পাইলট দুজনৰ মৃত্যুত সামাজিক মাধ্যমত বিভিন্নজনে শোক প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, বিগত দিনটো বায়ুসেনাৰ বহুকেইখন বিমান দুৰ্ঘটনাত পতিত হৈছিল ।

লগতে পঢ়ক : Ajit Pawar joins NDA govt : এন চি পিৰ অজিত পাৱাৰৰ মহাৰাষ্ট্ৰত এন ডি এ চৰকাৰত যোগদান