Local, Vocal, Global

Online service disruptions: বিশ্বব্যাপী অনলাইন সেৱা ব্যাহত হোৱাৰ চৰ্চাৰ মাজতে টুইটাৰত প্ৰৱেশত সমস্যা পোৱাৰ অভিযোগ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ

নেশ্যনেল ডেস্ক, ১ জুলাই : বিশ্বব্যাপী অনলাইন সেৱা ব্যাহত (Online service disruptions) হোৱা বুলি চৰ্চা চলি থকাৰ মাজতে ভাৰতৰ টুইটাৰ ব্যৱহাৰকাৰীসকলে মাইক্ৰ’ব্লগিং ৱেবছাইট এটাত টুইটাৰ ব্যৱহাৰ কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে (Buzz of a global outage) ।

অনলাইন সেৱা ব্যাহত হোৱা খবৰটো ট্ৰেক কৰা এটা ৱেবছাইট Down Detector(Micro-blogging website)ৰ মতে, বিশ্বব্যাপী অনলাইন সেৱা ব্যাহত হোৱাৰ বিভ্ৰাণ্টে টুইটাৰতক আঘাত কৰাৰ পিছত হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ অভিজ্ঞতা আলোচনা কৰিবলৈ মাইক্ৰ’ব্লগিং ৱেবছাইটটোত শুমাইছিল ।

টুইট এটা চাবলৈ বা পোষ্ট কৰিবলৈ চেষ্টা কৰাৰ সময়ত টুইটাৰটিসকলে “Cannot retrieve tweets” বুলি error message এটা পোৱা বুলিও অভিযোগ কৰিছে (Twitteratis complained)।

Online service disruptions: বিশ্বব্যাপী অনলাইন সেৱা ব্যাহত হোৱাৰ চৰ্চাৰ মাজতে টুইটাৰত প্ৰৱেশত সমস্যা পোৱাৰ অভিযোগ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ

অৱশ্যে, উল্লেখিত বিভ্ৰাটটো বিশ্বব্যাপী বহু ব্যৱহাৰকাৰীয়ে অনুভৱ কৰা নাই বুলি জানিব পৰা গৈছে ।

Downdetectorৰ মতে, আটাইতকৈ বেছি ৰিপ’ৰ্ট কৰা সমস্যাসমূহৰ ভিতৰত এপত ৪৫ শতাংশ, ৱেবছাইটত ৪০ শতাংশ আৰু ১৫ শতাংশ ফিডত পোৱা গৈছে ।

অৱশ্যে, টুইটাৰে এতিয়ালৈকে এই বিভ্ৰাটৰ কথা স্বীকাৰ কৰা নাই (Twitter has not acknowledged)।

লগতে পঢ়ক: India recorded third highest heatwave: বিগত ২৩ বছৰত ভাৰতত এইবাৰ তৃতীয় সৰ্বাধিক গৰমৰ ৰেকৰ্ড : বতৰ বিজ্ঞান বিভাগ