Local, Vocal, Global

Fresh violence in Manipur : মাজনিশা পুনৰ উত্তপ্ত ইম্ফল, ক্ষুব্ধ জনসমাগমক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ

নেশ্যনেল ডেস্ক , ৩০ জুন : মণিপুৰত হিংসাত্মক ঘটনা যেন বন্ধ হোৱাৰ নামেই নলয় (Fresh violence in Manipur)। বৃহস্পতিবাৰে মাজ নিশা পুনৰ উত্তপ্ত হৈ পৰে ৰাজধানী ইম্ফল (Fresh violence in Manipur)। ইম্ফলৰ মাজমজিয়াত সমবেত হোৱা ৰাইজক ছত্ৰভংগ দিবলৈ সেনাই কন্দুৱা গেছ(Tear gas) নিক্ষেপ কৰে (Manipur Violence)। জানিব পৰা মতে, মণিপুৰৰ কাংপোকপি জিলাত গুলীয়াই হত্যা কৰা এজন প্ৰাক্তন নৌসেনাৰ বিষয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইম্ফলত গোট হয় প্ৰতিবাদকাৰী । এই সমাৱেশৰ নেতৃত্ব দিছিল মহিলাসকলে (tear gas used to disperse irate mob in Imphal in manipur violence)

উল্লেখ্য যে, প্ৰথমে বিষয়াজনৰ মৃতদেহ ইম্ফলৰ জনবহুল খোৱাইৰমবন্দ বজাৰলৈ অনা হয়। পিছত উন্মত্ত ৰাইজে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সন্মুখেৰে মৃতদেহ লৈ সমদল কৰাৰ হুংকাৰ প্ৰদান কৰে । আৰক্ষীয়ে যাতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ বাবে মাজ পথত টায়াৰো জ্বলাই দিয়া হয় ।

ইয়াৰ পিছতে সেই স্থানত উপস্থিত হয় সেনা-আৰক্ষী । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নৌসেনাৰ বিষয়াজনৰ মৃতদেহ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ মৰ্গলৈ প্ৰেৰণ কৰা হয় । আনহাতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয়।

ইয়াৰ পূৰ্বে সেনাই জনোৱা অনুসৰি বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ এখন গাঁৱত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে কোনো প্ৰৰোচনা অবিহনে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে । সেনাইও প্ৰত্যুত্তৰত গুলী চলনা কৰে । ইয়াতেই দুজন মেইটেই গোষ্ঠীৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । তাৰপিছতেই ইম্ফলত প্ৰতিক্ৰিয়াস্বৰূপে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ টুইটাৰ হেণ্ডেল ‘স্পিয়াৰ কৰ্পছ’ৰ তৰফৰ পৰা জনোৱা অনুসৰি, মণিপুৰৰ হাৰাওথেল গাঁৱত টহল দি থকাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তই পুৱাই সেনা বিষয়াসকলৰ ওপৰত গুলীচালনা আৰম্ভ কৰে । সেনাৰ মতে, সম্ভাৱ্য ক্ষতি’ৰ পৰা হাত সাৰিবলৈ তেওঁলোকেও প্ৰত্যুত্তৰত গুলীচালনা কৰে। অঞ্চলটোত বৃহৎ সংখ্যক উন্মত্ত লোক সমাৱেশ হোৱা বুলিও সেনাই অৱগত কৰে । পিছত সেনাই উন্মত্ত জনতাক নিয়ন্ত্ৰণত আনে।

উল্লেখ্য যে বৃহস্পতিবাৰে হিংসাত্মক পৰিস্থিতি চলি থকা সময়তে মণিপুৰলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । অৱশ্যে ৰাজ্যৰ চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত তেওঁৰ কনভয়ক আটক কৰে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি আক্ৰমণৰ ভয়ত কংগ্ৰেছ নেতাৰ কনভয় বন্ধ কৰি দিয়া হৈছিল ।

ৰাহুল গান্ধী পিছত হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ জিলালৈ যায় । কেইবাটাও শৰণাৰ্থী শিবিৰত গৃহহীন লোকক সাক্ষাৎ কৰে । শৰণাৰ্থী শিবিৰত থকা শিশুসকলৰ সৈতে ৰাহুলে গান্ধীয়ে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ।

লগতে পঢ়ক : Rahul Gandhi Manipur visit : বিজেপিৰ মতে, ৰাহুলৰ মণিপুৰ ভ্ৰমণ শান্তিৰ বাবে নহয়, ৰাজনৈতিক সুবিধাবাদৰ বাবেহে এই ভ্ৰমণ