Local, Vocal, Global

Fake DC Arrested in Tezpur : তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী

নিউজ ডেস্ক, ২৬ জুন : এইবাৰ আৰক্ষীৰ জালত পৰিছে ভুৱা উপায়ুক্ত । তেজপুৰত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা উপায়ুক্তক(Fake DC Arrested in Tezpur) । কেৱল এজন ভুৱা উপায়ুক্তই নহয় তেওঁৰ লগত থকা এটা ৯ জনীয়া দলক আটক কৰিবলৈ সক্ষম হয় তেজপুৰ আৰক্ষীয়ে । জানিব পৰা মতে নিবনুৱাক চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে(Fake DC Arrested in Tezpur) ।

জানিব পৰা মতে তেজপুৰত সোমবাৰে আবিৰ্ভাৱ ঘটিছিল এজন ভুৱা উপায়ুক্তৰ (Man posing as DC arrested from Tezpur) । নিজকে উপায়ুক্ত বুলি পৰিচয় দিয়া এই লোকজনৰ নাম অংকুৰ শইকীয়া । নিজকে উপায়ুক্ত হিচাপে চিনাকী দি তেজপুৰ চহৰৰ মাজমজিয়াত ঘূৰি আছিল অংকুৰ শইকীয়াই ।

সূত্ৰ অনুসৰি অংকুৰ শইকীয়াই জিলাখনৰ উপায়ুক্তৰ ৰূপ লৈ কেইবাজনো লোকৰ পৰা ধন দাবী কৰিছিল।

অংকুৰ শইকীয়াৰ লগত আছিল দেহৰক্ষীও । আৰক্ষীয়ে ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ লগতে তেওঁৰ দেহৰক্ষী হিচাপে থকা ৯ জন লোককো আটক কৰিছে । আটকাধীন লোকসকলৰ তালিকাত আছে তেওঁৰ এজন চালক।

ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বুলি চিনাকী দিয়া দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত তেজপুৰত আৰক্ষী বিষয়াৰ ৰূপ লোৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

খবৰ অনুসৰি ব্যক্তিজনে উপ-পৰিদৰ্শকৰ ৰূপ লোৱাৰ লগতে ভুৱা পিষ্টলও লৈ ফুৰিছিল। তেওঁৰ নাম তেজপুৰৰ হিমাংশু কলিতা।

বিষয়াসকলে জনোৱা অনুসৰি তেজপুৰৰ মিছন চাৰিআলি অঞ্চলত স্থানীয় ৰাইজে কলিতাক আৰক্ষীৰ ৰূপ দি থকা অৱস্থাত ধৰি তেজপুৰ আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক : Juria Accident : জুৰীয়াত স্থানীয় লোকৰ ওপৰেদি চলিল চাৰিচকীয়া বাহন