Assam Flood : অসমৰ বান পৰিস্থিতিৰ বুজ ললে অমিত শ্বাহে, সাহায্যৰ আশ্বাস

নিউজ ডেস্ক, ২৫ জুন : অসমৰ বান পৰিস্থিতি শোচনীয় হৈ থকাৰ সময়তে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে (Assam Flood)। বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগীতা আগবঢ়োৱাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে । কঠিন এই সময়ত মোডী চৰকাৰ অসমৰ ৰাইজৰ লগত আছে(Assures Assistance Amit Shah) ।
ভয়াৱহ বানৰ কবলত পৰিছে ৰাজ্য । বাৰিষাৰ প্ৰথমটো বানত এতিয়ালৈকে ৰাজ্যখনৰ ১৫ খন জিলাৰ ৪ লাখৰো অধিক লোক বানৰ কবলত পৰিছে । ইতিমধ্যে বানত তিনিজন লোকৰ মৃত্যু হৈছে । ৰাজ্যৰ এই ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে খবৰ কৰি বুজ লয় । এই কথা অমিত শ্বাহে টুইট যোগে সদৰি কৰিছে ।
টুইটাৰত কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে, প্ৰবল বৰষুণৰ বাবে অসমৰ কিছু অংশৰ জনসাধাৰণে ভয়াৱহ বানপানীৰ সন্মুখীন হ’বলগীয়া হৈছে । এই সন্দৰ্ভত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ কথা উল্লেখ কৰিছে । তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে । ইতিমধ্যে NDRF দনসমূহে ৰাইজৰ সহায় কৰাৰ বাবে উদ্ধাৰ অভিযান ব্ৰতী হৈ থকাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্রীয়ে উল্লেখ কৰে । লগতে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে এই কঠিন সময়ত মোডী চৰকাৰ অসমৰ ৰাইজৰ লগত আছে ।
অমিত শ্বাহৰ টুইটাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । অসম চৰকাৰে বান প্ৰভাৱিত ৰাইজক সকাহ দিয়াৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে এই কঠিন সময়ত সহায় আগবঢ়োৱাৰ বাবে মোডী চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
ইফালে অসমৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও আজিও ১৫খন জিলাৰ প্ৰায় ৪ লাখ লোক বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হৈ আছে বুলি অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যৰ বাক্সা, বৰপেটা, বজালী, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ ৪ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । ১৫খন জিলাৰ ১১১৮ খন গাঁও বানত বুৰ গৈছে । ইফালে বানত ক্ষতিগ্ৰস্ত হোৱা ৪০৭৭৭১ জন লোকৰ ভিতৰত আছে ১৮৭১১৫ জন পুৰুষ, ১৬৭৫৩৮ গৰাকী মহিলা আৰু ৫৩১১৯ টি শিশু আছে ।
আনহাতে বানবিধ্বস্ত জিলাসমূহত ২২০ টা আশ্ৰয় শিবিৰ আৰু ১০১ টা সাহায্য সামগ্ৰী বিতৰণ শিবিৰৰ ব্যৱস্থা কৰা হৈছে । আশ্ৰয় শিবিৰত ৮১৩৫২ জন লোকে অৱস্থান কৰিছে । ইয়াৰ ভিতৰত ৩৫৬৭৩ জন পুৰুষ, ৪১২৮৩ গৰাকী মহিলা আৰু ৪৩১৮ টি শিশু আছে। তদুপৰি আশ্ৰয় শিবিৰত ৪৯ গৰাকী গৰ্ভৱতী মহিলা আৰু ২৯ গৰাকী বিশেষভাৱে সক্ষম লোক আছে । ইফালে বানত ৬৩২৮৫ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে বানত ক্ষতিগ্ৰস্ত হৈছে ৮৪৭০ হেক্টৰ কৃষিভূমি । বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যখনত চলাইছে ব্যাপক তাণ্ডৱলীলা ।
ইয়াৰোপৰি যোৱা ২৪ ঘন্টাত বানপানীৰ পানীয়ে ৪টা মথাউৰি ভাঙি নিয়ে, ১৫৭টা পথ,১খন দলং, কেইবাটাও কৃষি বান্ধ, অংগনবাড়ী কেন্দ্ৰৰ বিদ্যালয় ভৱন, জলসিঞ্চনৰ খাল, আৰু কালভাৰ্টৰ ক্ষতিসাধন কৰিছে । প্ৰচণ্ড বৰষুণৰ ফলত যোৰহাট জিলাৰ নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদ স্তৰৰ চিহ্নৰ ওপৰেৰে বৈছে । এন এইচ ৰোড ক্ৰছিঙত মানস নদী,এন টি ৰোড ক্ৰছিঙত পাগলাডিয়া নদী; আৰু এন এইচ ৰোড ক্ৰছিঙত পুঠিমাৰী নদীতো বাঢ়নী পানী বৈছে ।
লগতে পঢ়ক : Assam Flood : বানৰ কৱলত অসমৰ ১৫ খন জিলা , মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি