Local, Vocal, Global

Train accident in West Bengal : দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ২৫ জুন : পুনৰ সংঘটিত ৰে’ল দুৰ্ঘটনা । ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই পুনৰ সংঘটিত হ’ল আন এক ৰে’ল দুৰ্ঘটনা (Train accident in West Bengal) । পশ্চিমবংগৰ দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ ৷ এইবাৰ পশ্চিমবংগৰ বাংকুৰাত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা(Train accident in West Bengal) । ফলত এখন মালবাহী ৰে’লৰ ১২ টা ডবা লাইনচ্যুত হৈ পৰে ৷

প্ৰায় এটা মাহ পূৰ্বে সংঘটিত হোৱা ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা ৷ দেওবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হোৱা এই ৰে’ল দুৰ্ঘটনাত কেইবাটাও ডবা বাগৰি পৰে বুলি জানিব পৰা গৈছে(Two goods trains collide in West Bengal) ৷

শেহতীয়া তথ্য অনুসৰি, এই ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য বৰ্তমানেও পোৱা নাই ৷ জানিব পৰা মতে, দেওবাৰে পুৱা ৪ বজাত পশ্চিমবংগৰ বাংকুৰাৰ ওণ্ডা ষ্টেচন পাৰ হৈ নিৰ্দিষ্ট স্থানৰ অভিমুখে গতি কৰিছিল এখন মালবাহী ৰে’লে ৷ তেনে সময়তে ওণ্ডা ষ্টেচন পাৰ হৈ যোৱা মালবাহী ৰে’লখনক অতি জোৰেৰে পিছফালৰ পৰা খুন্দা মাৰে অন্য এখন মালবাহী ৰে’লে ৷ এই ৰে’ল দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত এখন মালবাহী ৰে’লৰ ১২ টা ডবা লাইনচ্যুত হৈ কাষতে পৰি যায় ৷ এই ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ ফলত এখন মালবাহী ৰে’লৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷

ইফালে এই ৰে’ল দুৰ্ঘটনাৰ শব্দ শুনিয়েই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় বহু ৰাইজ ৷ স্থানীয় লোকৰ তৎপৰতাত আহত ৰে’ল চালকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে বৰ্তমানলৈকে লাভ কৰা তথ্যত এই ৰে’ল দুৰ্ঘটনাত কিমানজন লোকৰ মৃত্যু হৈছে সেই কথা জানিব পৰা নাই ৷

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা দুয়োখন মালবাহী ৰে’লে খালী আছিল ৷

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে বালাসোৰত সংঘটিত হোৱা ওড়িশাৰ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য (Odisha Train Accident) । যোৱা ২ জুনৰ সন্ধিয়া বহাংগা বজাৰ ৰেলৱে ষ্টেচনৰ সমীপত লুপ লাইনত থিয় হৈ থকা মাল ৰে’লখনত খুন্দা মাৰে আপ শলিমাৰ-চেন্নাই চেণ্ট্ৰেল কৰমণ্ডল এক্সপ্ৰেছ । ফলত ৰে’লপথৰ পৰা লাইনচ্যুত হৈ পৰিল কাৰ্মণ্ডলৰ কেইবাটাও ডবা । সেই সময়ত লাইনৰ মাজেৰে আহি আছিল হাওৰা অভিমুখী ৰেলখন । ডাউন ট্ৰেইনৰ কেইটামান ডবাও কাৰ্মাণ্ডল ডবাত খুন্দা মৰাৰ ফলত ৰে’লপথৰ পৰা লাইনচ্যুত হৈ পৰে । সেই ঘটনাত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছিল। সংশ্লিষ্ট মহলৰ মতে আজিও প্ৰাৰম্ভিক ঘটনাটো ঠিক তেনেকুৱাই হৈছিল। মালবাহী গাড়ীৰ বাবে বহু লোকৰ জীৱন ৰক্ষা পৰিল ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মাত্ৰ কেইদিনমানৰ ভিতৰতে কেনেকৈ এনে ভয়ানক দুৰ্ঘটনা সংঘটিত হৈ আছে ।

লগতে পঢ়ক : Punishment for Rape : POCSO আইনৰ অধীনত গোলাঘাটৰ এজন লোকক ২০ বছৰৰ কাৰাদণ্ড