Local, Vocal, Global

American singer sing Indian national Anthem : প্ৰধানমন্ত্ৰী মোডীৰ ভৰি চুই আৰ্শীবাদ ল’লে আমেৰিকান শিল্পীয়ে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জুন : আফ্ৰিকান-আমেৰিকান এগৰাকী বিশিষ্ট অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে ৱাশ্বিংটন ডি চিৰ ৰ’নাল্ড ৰেগান বিল্ডিঙত ভাৰতৰ জাতীয় সংগীত পৰিবেশন কৰে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সমাজক সম্বোধন কৰে। লগতে প্ৰধানমন্ত্ৰী মোডীক সম্ভাষণ জনাই তেওঁৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে (American singer sing Indian national Anthem) ।

ইয়াৰ পূৰ্বে মেৰীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে যোগাসন কৰিছিল । আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন অনুষ্ঠানত অংশ লয়, ভাৰতীয় আৰু আমেৰিকাৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে আৰু আতিথ্য প্ৰদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে।

মেৰী মিলবেন আমেৰিকাৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী । সংগীত শিল্পীৰ উপৰিও তেওঁ এগৰাকী সুদক্ষ অভিনেত্ৰী।

এইগৰাকী শিল্পীৰ কণ্ঠত সাত সাগৰ তেৰ নদীৰ সিপাৰে বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জন গণ মণ…।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰিদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়ছোৱাতে শিল্পীগৰাকীয়ে পৰিবেশন কৰিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি তথা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত(PM Modi US Visit)।

ৱাশ্বিংটন ডিচিৰ ৰ’ণাল্ড ৰেগান ভৱনত মেৰী মিলবেনে প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখত তেওঁৰ সুৰীয়া কণ্ঠেৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো পৰিবেশন কৰে। গীতটি পৰিবেশন কৰি উঠাৰ পিচতে শিল্পীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে(seeks PM Modi’s blessings)।

ইতিমধ্যে এই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু বহুসংখ্যক লোকে সামাজিক মাধ্যমযোগে শিল্পীগৰাকীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়ক : Opposition Meeting In Patna : দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৰ প্ৰস্তাৱ