Suhana Khan buys crore property : ১৩ কোটি মূল্যৰ কৃষি ভূমি ক্ৰয় কৰিলে শ্বাখৰুখ কন্যা সুহানাই
এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২৪ জুন : বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ কন্যা ছুহানা খানো আন ষ্টাৰকিডৰ দৰে বাতৰিৰ শিৰোনামা দখল কৰিছে (Suhana Khan buys crore property) । প্ৰথম ছবি মুক্তিৰ পিছতে এইবাৰ চৰ্চালৈ আহিছে শ্বাহৰুখ খানৰ কন্যা ।
এইবাৰ খেতিত নামিব নেকি বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান ? কিয়নো শেহতীয়াকৈ মুম্বাইৰ আলিবাগত ১২.৯১ কোটি টকাত বিশাল পৰিমাণৰ মাটি ক্ৰয় কৰিছে সুহানা(Suhana Khan buys crore property) । আনহাতে শীঘ্ৰে বলীউডত অভিষেক ঘটাব ছুহানা খানে জোয়া আখতাৰৰ ‘দ্য আৰ্চিজ’ ছবিৰে।
এইবাৰ খেতিত নামিব নেকি বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান ? কিয়নো শেহতীয়াকৈ মুম্বাইৰ আলিবাগত ১২.৯১ কোটি টকাত বিশাল পৰিমাণৰ খেতিৰ মাটি ক্ৰয় কৰিছে সুহানাই (Shah Rukh Khan daughter Suhana Khan buys property)। জানিব পৰা মতে, সুহানা খানে মুম্বাইৰ আলিবাগত প্ৰায় ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে । ডেৰ একৰ মাটিৰ ভিতৰত ২২১৮ বৰ্গফুট মাটি বৰ্তমান নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী তথ্য পোৱা নাই যদিও এই ঠাইখনৰ দাম কোটি কোটি বুলি জানিব পৰা গৈছে ।
খেতিৰ বাবে সুহানাই কিনা এই ডেৰ একৰ মাটিৰ ব্যয় হৈছে ১২ কোটি ৯১ লাখ টকা । কোৱা হয় যে এই মাটি ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িত পঞ্জীয়নও ১ জুনত কৰা হৈছিল । সুহানাই জমা কৰিছে ৭৭ লাখ ৪৬ হাজাৰ টকাৰ ষ্টাম্প ড্যুটি । সুহানাই তিনি ভগ্নী অঞ্জলি, ৰেখা আৰু প্ৰিয়াৰ পৰা এই মাটি কিনিছে । ইতিমধ্যে আলিবাগত সুহানাৰ পিতৃ শ্বাহৰুখ খানৰ আন এক সম্পত্তি আছে ।
উল্লেখ্য যে ছুপাৰষ্টাৰগৰাকীৰ কন্যা সুহানাই নতুনকৈ খোজ দিছে বলিউড জগতত। কিছুদিনৰ পিছত মুক্তি পাবলগা ‘দ্য আৰ্চিজ’ নামৰ বোলছবিখনৰ দ্বাৰাই প্ৰথম বাৰৰ পৰ্দাত নিজৰ চেহেৰা দেখাব সুহানা খানে। শেহতীয়াকৈ সুহানাই ছবিখনৰ কলা-কুশলীৰ সৈতে ব্ৰাজিলত অনুষ্ঠিত হোৱা TUDUM অনুষ্ঠানত উপস্থিত হৈছিল । এই অনুষ্ঠানতেই মুকলি কৰা হৈছিল এই ছবিখনৰ ট্ৰেইলাৰ ।
সুহানা খানৰ বলীউড অভিষেকৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল অনুৰাগী। অচিৰেই মুক্তি পাব সুহানাৰ প্ৰথম ছবি ‘দ্য আৰ্চিজ’ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত । অৱশ্যে এই ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। শেহতীয়াকৈ মুক্তি লাভ কৰিছে এই ছবিখনৰ ট্ৰেইলাৰ। বলীউডৰ অভিনেত্ৰী জানহৱী কাপুৰৰ ভগ্নী খুশী কাপুৰ আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দইও ‘দ্য আৰ্চিজ’ ছবিত সুহানা খানৰ সৈতে ডাঙৰ পৰ্দাত অভিষেক ঘটাব । ‘দ্য আৰ্চিছ’ ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।
লগতে পঢ়ক : Manipur Violence : আজি বিয়লি ৩বজাত দিল্লীত সৰ্বদলীয়া বৈঠক