Local, Vocal, Global

PM Modi Egypt Visit : প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ইজিপ্ত ভ্ৰমণ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৪জুন : শনিবাৰৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজিপ্ত ভ্ৰমণ(PM Modi Egypt Visit) । দুদিনীয়া ভ্ৰমণসূচীৰে ইজিপ্ত ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে ১১ শতিকাৰ আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব ।প্ৰধানমন্ত্ৰী মোডীৰ এইটো প্ৰথম ইজিপ্ত ভ্ৰমণ। ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোডীয়ে ভ্ৰমণ কৰা নাছিল ইজিপ্ত (Prime Minister Modi is all set to visit the 11th century Al Hakim Mosque)।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ইজিপ্ত ভ্ৰমণৰ সময়ত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে হেলিঅ’পলিছ ৱাৰ গ্ৰেভ সমাধিক্ষেত্ৰও পৰিদৰ্শন কৰিব(Prime Minister Narendra Modi)।

জানিব পৰা মতে, প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দি সৰ্বোচ্চ বলিদান দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে হেলিঅ’পলিছ ৱাৰ গ্ৰেভ কবৰস্থান ভ্ৰমণ কৰিব।

ইজিপ্তৰ ৰাজধানী কাইৰোত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া কাৰ্যসূচীৰ শেষদিনটোত আল-হাকিম মছজিদ দৰ্শন কৰিব । জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে আল-হাকিম মছজিদত প্ৰায় আধা ঘণ্টা সময় অতিবাহিত কৰিব ।

উল্লেখ্য যে, দশম শতিকাৰ শেষৰ ফালে ৯৯০ চনত আল-হাকিম বি-আমৰ আল্লাহৰ পিতৃ খলিফা আল-আজিজ বিলাহে নিৰ্মাণ কৰিছিল এই মছজিদটো পিছলৈ এই মছজিদটো ১০১৩ চনত আল-হাকিমে নিৰ্মাণ সম্পূৰ্ণ কৰে ।
১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ (৯৮৫-১০২১) নামেৰে নামকৰণ কৰা এই মছজিদটো হৈছে কায়ৰোৰ এক ঐতিহাসিক আৰু বিশেষ মছজিদ । মছজিদটোক আল-আনৱাৰ বুলিও জনা যায় । যাৰ অৰ্থ হৈছে আলোকিত । যিটো ফাটিমিডসকলে প্ৰতিষ্ঠা কৰা পূৰ্বৰ আল-আজহাৰ মছজিদৰ নামৰ দৰেই একে । এই মছজিদটো হৈছে কাইৰো চহৰৰ দ্বিতীয় সৰ্ববৃহৎ আৰু বিশ্বৰ চতুৰ্থ পুৰণি মছজিদ ।মছজিদটো ইছলামিক কাইৰোৰ মাজভাগত অৱস্থিত ।

এই বছৰৰ ২৭ ফেব্ৰুৱাৰীত পুনৰ মুকলি কৰা হয় ইজিপ্তৰ ৰাজধানী কায়ৰোৰ মাজভাগত অৱস্থিত প্ৰায় ১০০০ বছৰ পুৰণি আন্তঃগাঁথনিৰ আল-হাকিম বাই-আমৰ আল্লা মছজিদ । পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’বলৈ ইয়াৰ ছয় বছৰ সময় লাগে ।

লগতে পঢ়ক : PM Modi White House Dinner : মোডীৰ সৈতে নৈশভোজত আম্বানীৰ পৰা পিচাইলৈ অতিথিৰ দীঘলীয়া তালিকা