International Olympic Day: চলিত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম যুৱ অলিম্পিক: সৰ্বানন্দ সোণোৱাল
ডিব্ৰুগড়, ২৩ জুন, ২০২৩: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী আৰু অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত সন্থাটোৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত আন্তৰ্জাতিক অলিম্পিক দিৱস উদযাপন অনুষ্ঠানত যোগদান কৰে (International Olympic Day) । অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে সৰ্বানন্দ সোণোৱালে অসমৰ শীৰ্ষ ক্ৰীড়া সংস্থাটোৰ গুৰুত্বপূৰ্ণ বৈঠকতো আজি সভাপতিত্ব কৰে আৰু অসমৰ ক্ৰীড়া জগতক উজ্জীৱিত কৰাৰ লগতে শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাবোৰত অসমৰ উন্নত মানৰ খেলুৱৈৰ অংশগ্ৰহণ উৎসাহিত কৰাৰ ব্যৱস্থা আৰু উপায়কে ধৰি আনুষংগিক বিভিন্ন বিষয় আলোচনা কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে ।
তদুপৰি, ৰামেশ্বৰ তেলী আৰু প্ৰশান্ত ফুকন, লক্ষ্য কোঁৱৰৰ লগতে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল) আৰু অসম অলিম্পিক সন্থাৰ বিষয়াবৰ্গৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ৰ জালান নগৰ ষ্টেডিয়ামৰ নতুন হোষ্টেল ভৱনৰ আধাৰশিলা স্থাপন কৰে । বিচিপিএল-এ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ অধীনত ইয়াৰ বাবে পুঁজি যোগান ধৰিছে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “ক্ৰীড়া আমাৰ সমাজ-সংস্কৃতিৰ, আমাৰ পৰিচয়ৰ আৰু আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ । গতিশীল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ক্ৰীড়া প্ৰতিযোগিতামুখী হোৱাৰ সমান্তৰালভাৱে আমাৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগিব । আজি আমি আন্তৰ্জাতিক অলিম্পিক দিৱস উদযাপনত যোগদান কৰাৰ সময়ত সেই মূল্যবোধবোৰ মনত ৰাখিব লাগিব, যিবোৰে ক্ৰীড়াক এক অনুশাসন, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতাৰ মাধ্যমলৈ পৰিণত কৰিছে । ক্ৰীড়াৰ জৰিয়তে আমি একতা, অধ্যৱসায়, আত্মবিশ্বাস আৰু উৎকৰ্ষতা সাধনৰ দৃষ্টিভংগীকো ত্বৰান্বিত কৰিব লাগিব, কিয়নো ক্ৰীড়াৰ মাজত এনে এক প্ৰবল শক্তি নিহিত হৈ আছে, যিয়ে বিশ্ববাসীক এক উন্নত আৰু সুস্থ-সবল পৰিৱেশৰ সন্ধান দিব পাৰে । যিকোনো ক্ৰীড়াই কেৱল আপোনাৰ শাৰীৰিক সুস্থতাই নহয়, মানসিক স্বাস্থ্যকো সমৃদ্ধ কৰে । অসমৰ ক্ৰীড়া জগতৰ এক শীৰ্ষ সংস্থা হিচাপে ৰাজ্যখনত ক্ৰীড়াৰ অধিক বিকাশৰ দিশত দৃঢ় হৈ থকা অসম অলিম্পিক সন্থাই সদায়েই নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি এখন সুস্থ-সবল ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাটো আমাৰ সকলোৰে গুৰুত্বপূৰ্ণ কৰ্তব্য । এইক্ষেত্ৰত অসম অলিম্পিক সন্থাই শক্তিশালী দৃষ্টিভংগী আৰু পদক্ষেপেৰে ক্ৰীড়া ক্ষেত্ৰক আৰু খেলুৱৈসকলক আগুৱাই নিয়াৰ বাবে বদ্ধপৰিকৰ ।”
অসম অলিম্পিক সন্থাৰ বৈঠকত সভাপতিত্ব কৰি সৰ্বানন্দ সোণোৱালে ২ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰ, ২০২৩লৈ ডিব্ৰুগড়ত পৰৱৰ্তী পৰ্যায়ৰ অসম যুৱ অলিম্পিক অনুষ্ঠিত হ’ব বুলি আজি ঘোষণা কৰে । অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই আগন্তুক অসম যুৱ অলিম্পিকৰ সাংগঠনিক সমিতিৰ নেতৃত্ব দিব ।
সৰ্বানন্দ সোণোৱালে আজি অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰে আৰু তাৰ পাছত ক্ৰীড়া জগতৰ বিকাশ সম্পৰ্কীয় বিভিন্ন দিশ আৰু ৰাজ্যখনত ক্ৰীড়ামূলক কাৰ্যকলাপক উৎসাহিত কৰাৰ পদক্ষেপ সন্দৰ্ভত অনুষ্ঠিত কাৰ্যবাহী সভাতো উপস্থিত থাকে । সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ অত্যাধুনিক ৰূপান্তৰৰ সৈতে খোজ মিলাই বিভিন্ন পদক্ষেপ গ্ৰহণ সন্দৰ্ভতো গুৰুত্ব দিয়ে আৰু তাৰ বাবে ফলপ্ৰসূ কাৰ্যসূচী সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে, যিয়ে খেলুৱৈসকলক প্ৰতিযোগিতামূলক ক্ৰীড়া অনুশীলন আৰু অভিজ্ঞতা লাভ কৰাত সহায় কৰিব, যাৰ ফলত অসমত ক্ৰীড়া প্ৰতিভাৰ অগ্ৰগামী খোজ বৃদ্ধি পাব ।
সোণোৱালে জোৰ দি কয় যে সন্থাই ক্ৰীড়াৰ এক অনুকূল পৰিৱেশতন্ত্ৰ বিকশিত কৰিবলৈ আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক ক্ৰীড়া পৰ্যায়ত উপনীত হ’বলৈ তৃণমূল পৰ্যায়ৰপৰাই খেলুৱৈ প্ৰতিভাৰ বিকাশত আৰু সা-সুবিধা সৃষ্টিত যথেষ্ট অগ্ৰাধিকাৰ দি যাব । এই দৃষ্টিভংগীক বাস্তৱলৈ অনাৰ বাবে সন্থাই যাৱতীয় ৰোডমেপ বিকশিত কৰা আছে।
উক্ত বৈঠকত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, যুটীয়া সম্পাদক তৰংগ গগৈ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি দেৱজিৎ দত্ত, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া প্ৰমুখ্যে আন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: