Heroin Seized In Karimganj : কৰিমগঞ্জত ৩ কেজিৰো অধিক হেৰ’ইনসহ ৫জন লোকক আটক
কৰিমগঞ্জ, ২৩ জুন : শুকুৰবাৰে অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাত কেইবা কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে ৫ জন লোকক আটক কৰে (Heroin Seized In Karimganj) । চোৰাংচোৱা তথ্যৰ ভিত্তিত কৰিমগঞ্জ জিলা আৰক্ষীৰ এটা দলে আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বৃহস্পতিবাৰে সন্ধিয়া বাজাৰিচেৰা অঞ্চলত তালাচী চলাই (Heroin Seized In Karimganj) ।
তালাচীৰ সময়ত আৰক্ষীৰ দলটোৱে দুখন বাহনৰ পৰা ৩.২০ কেজি হেৰ’ইন থকা ২৫০টা চাবোনৰ বাকচ উদ্ধাৰ কৰে (Assam Police)।
তথ্য অনুসৰি মিজোৰামৰ পৰা অহা AS-01BW-8277 নম্বৰৰ ৰেন’ ডাষ্টাৰ আৰু AS-10F-1205 নম্বৰৰ মাৰুতি আল্ট’ নামৰ দুখন বাহন আৰক্ষীয়ে জব্দ কৰে ।
জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি জব্দকৃত বাহন কেইখনত তালাচীৰ সময়ত দুটা গোপন চেম্বাৰৰ পৰা ৩.২০ কেজি হেৰ’ইন থকা ২৫০টা চাবোনৰ বাকচ উদ্ধাৰ কৰে । আনহাতে জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় আনুমানিক ২৫ কোটি হ’ব । আনহাতে আটকাধীন লোক কেইজন ক্ৰমে পাথাৰকান্দিৰ বাসিন্দা তালাব হুছেইন, তাহিৰ আহমেদ আৰু খালিদ হুছেইন আৰু চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ বাসিন্দা নিতাই সৰকাৰ আৰু নিতু সৰকাৰ বুলি জানিব পৰা গৈছে ।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয় যে, ‘যোৱা নিশা আমি ড্ৰাগছ কঢ়িয়াই অনা দুখন বাহনৰ তথ্য লাভ কৰিছিলো। সেই অনুসৰি আমি এটা ফান্দ পাতিলোঁ আৰু আমাৰ বিষয়াসকলক পথৰ কাষত ৰাখিলোঁ। অভিযানৰ সময়ত দুখন গাড়ী আটক কৰা হয়, এখন ডাষ্টাৰ আৰু এখন আল্ট’।”
লগতে তেওঁ কয়, “ডাষ্টাৰখন ভালদৰে পৰীক্ষা কৰি থাকোঁতে আমি সন্মুখৰ চিটৰ তলত এটা গোপন চেম্বাৰ দেখা পালোঁ। চেম্বাৰটো খুলি দিয়াৰ পিছত আমি ২৫০টা চাবোনৰ বাকচ পাইছিলোঁ, য’ত হেৰ’ইন আছিল, যাৰ ওজন আছিল ৩.২ কেজি । এই গোচৰৰ সৈতে জড়িত পাঁচজন লোকক আমি আটক কৰিছো।”
‘প্ৰথম সোধা-পোছাৰ পিছত আমি গম পাইছো যে আইজলৰ পৰা হেৰ’ইন আহিছিল। এতিয়ালৈকে আমি জানিব পৰা মতে তেওঁলোকে অসীমগঞ্জলৈ ড্ৰাগছ কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰিছিল, অৱশ্যে ইয়াৰ কিছু অংশ গুৱাহাটীলৈও কঢ়িয়াই নিয়াৰ লক্ষ্য লোৱাৰ সম্ভাৱনা বেছি । আমি এতিয়া তেওঁলোকৰ সকলো আগলৈ আৰু পিছলৈ সংযোগৰ তদন্ত কৰি আছো।’
আৰক্ষীয়ে জনোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱাসকলৰ এজনৰ জ্যেষ্ঠ ভাতৃ তাহিৰ আহমেদক ২০২২ চনৰ এপ্ৰিল মাহত এনডিপিএছ গোচৰত আটক কৰা হৈছিল আৰু তেওঁ ন্যায়িক জিম্মাত আছে ।
লগতে পঢ়ক : Majuli Nimatighat ferry service : অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতী ফেৰী সেৱা