Majuli Nimatighat ferry service : অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতী ফেৰী সেৱা

নিউজ ডেস্ক, ২৩ জুন : মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা (Majuli Nimatighat ferry service) । নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে (Majuli Nimatighat ferry service ) ।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি অসমত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়িব ধৰিছে । এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱা দেখা গৈছে ।
যাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ যোৰহাট সংমণ্ডলৰ অধীনত পৰিচালিত মাজুলী – নিমাতী সকলো ধৰণৰ নাওঁ চলাচল আৰু ফেৰীসেৱা ২২ ৰ পৰা অনিৰ্দিষ্ট সময়লৈকে স্থগিত ৰখা হৈছে (majuli nimatighat ferry service suspended for indefinite time)।
উল্লেখ্য যে, জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱাত যোৰহাট মাজুলী সংযোগী দুয়োটা ঘাটৰ দুয়ো পাৰে থকা ৰেম্প আৰু সংযোগী পথ বর্তমান পানী তলত ।
ইয়াৰোপৰি, ঘন কুঁৱলী, পানীৰ তীব্ৰ সোঁতত উটি অহা কাঠৰ টুকুৰা, জাৱৰ-জোঁথৰৰ সৈতে অহা মেটেকাৰ বাবে উদ্ভৱ হ’ব পৰা অনাকাঙ্খিত পৰিস্থিতি তথা যাত্ৰীৰ জীৱন আৰু সম্পদৰ সুৰক্ষাৰ স্বাৰ্থত আভ্যন্তৰীণ জল পৰিবহণ যোৰহাট সংমণ্ডলে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, বিগত কেবাদিনো ধৰি বন্ধ হৈ আছিল মাজুলী নিমাতী ফেৰী সেৱা ৷ ইফালে ফেৰী ৰখোৱা ৰেম্পসমূহৰ লগতে ফেৰীলৈ অহা-যোৱা কৰা পথসমূহ বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্ধ কৰিছে এই ফেৰী সেৱা । পানী হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব এই ফেৰী সেৱা ।
লগতে পঢ়ক : Ambubachi Mela 2023 : ভক্তৰ বাবে বন্ধ হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ