Missing Titanic Submersible : টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ নিৰুদ্দেশ হোৱা পৰ্যটকৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জুন : অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যোৱা পৰ্যটকসকল (Missing Titanic Submersible) । দুঃসাহসিক যাত্ৰীকেইজন হয়তো বাচি থাকিব! সেই আশাৰে সন্ধান চলি আছিল। ৰবটো নমোৱা হৈছিল অভিযানত । ৰবটো নমোৱা হৈছিল অভিযানত। কিন্তু ধ্বংসাৱশেষ বিচাৰি পোৱাৰ পিছতে সেই আশা নিৰ্বাপিত হৈ পৰিল। টাইটানিকৰ দৰেই ডুব যোৱা চাবমাৰ্চিবল টাইটানখনো সাগৰৰ গভীৰতাত সলিল সমাধি ঘটিল।
আমেৰিকান ক’ষ্ট গাৰ্ড আৰু টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা সংস্থা অ’চেনগেটে চাবমেৰিনখনৰ সকলো যাত্ৰীক মৃত ঘোষণা কৰিছে ।
আমেৰিকান ক’ষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন ম’গাৰে কয় যে , ‘টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবটে টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ সময়ত ছাবমেৰিনখন ভিতৰলৈ মহতিয়াই যোৱাৰ সন্দেহ । এতিয়া যাত্ৰীকেইজনক উদ্ধাৰ কৰিব পৰা যাব নে নাই সেয়া কোৱা টান । ঘটনাস্থলীৰ পৰিৱেশ অতি প্ৰতিকূল । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জনাইছো।” অভিযানকাৰী সংস্থাটোৱেও এক বিবৃতিযোগে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব মাৰিছিল টাইটানখনে । টাইটানে যাত্ৰীসকলক সাগৰৰ গভীৰতাত য’ত টাইটানিকৰ ধ্বংসাৱশেষ আছে, সেই ঠাইখন দেখুৱাবলৈ লৈ গৈছিল।
উল্লেখ্য যে দেওবাৰে টাইটানিক জাহাজৰ ধ্বংসাৱশেষ চাবলৈ গৈ পৰ্যটক কঢ়িয়াই নিয়া চাবমাৰ্চিবল ‘টাইটান’ আটলাণ্টিক মহাসাগৰত নিৰুদ্দেহ হৈ আছিল (Submersible Titanic Missing) । এগৰাকী পাইলট আৰু ৪ গৰাকী মিছন বিশেষজ্ঞ আছিল জাহাজখনত । সাগৰৰ গভীৰতাত থকা টাইটানিকৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ গৈছিল দলটো । পূৰ্বেও এই অত্যাধুনিক জাহাজেৰে বহু লোকে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰিছে (Titanic tourist submersible missing with 5) ।
পাঁচজন যাত্ৰীৰে সৈতে অ’চেনগেট সংস্থাই নিৰ্মাণ কৰা চাবমেৰিজবলখন সাগৰৰ ১৩ হাজাৰ ফুট গভীৰতালৈ নামি গৈছিল। যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান খন । নিৰুদ্দিষ্ট হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকান আৰু কানাডাৰ সেনা বাহিনী। উত্তৰ আটলাণ্টিক মহাসাগৰত চলিছিল এই অনুসন্ধান।
টাইটানিকৰ ধ্বংসাৱশেষ থকা সেই স্থানলৈ এই বিশেষ জাহাজখনে যাত্ৰা কৰিছিল য’ত পুৰাতত্ত্ববিদ আৰু সামুদ্ৰিক জীৱবিজ্ঞানী আছিল বুলি কোৱা হৈছে ।
ছাবমেৰিনৰ শব্দ ধৰিবলৈ শব্দ তৰংগ যন্ত্ৰও স্থাপন কৰা হৈছিল । ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই অনুসন্ধানত জড়িত আছিল ৰবটো। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যাক পিছত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰিছে।
তথ্য অনুসৰি চাবমেৰিনখনত ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট আছিল বুলি জানিব পৰা গাছে ।
উল্লেখ্য যে ১৯১২ চনৰ ১৪ এপ্ৰিলত সেই সময়ৰ অন্যতম বিলাসী যাত্ৰীবাহী জাহাজ টাইটানিক এখন বৰফৰ পাহাৰত খুন্দা মাৰি উত্তৰ আটলাণ্টিকত ডুব গৈছিল। তাত ১৫০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পিছত ১১১ বছৰ পাৰ হৈ গ’ল। টাইটানিক জাহাজৰ ধ্বংসাৱশেষ এতিয়াও আটলাণ্টিক মহাসাগৰৰ ৪৫০০ মিটাৰ তলত পৰি আছে।
টাইটানিক জাহাজৰ ধ্বংসাৱশেষ আটলাণ্টিকৰ প্ৰায় চাৰি হাজাৰ মিটাৰ তলত দুটা ভাগত পৰি আছে । ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে এই ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা হৈছিল।
লগতে পঢ়ক :