Local, Vocal, Global

Amlan Borgohain victory in National Games : ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ অম্লান বৰগোহাঁইৰ সোণৰ পদক লাভ

স্প’ৰ্টছ ডেস্ক, ২০ জুন : দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁইৰ আন এক সফলতা (Amlan Borgohain victory in National Games) । এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ অসম-সন্তান অম্লান বৰগোহাঁই (Asian Games) । ২০০ মিটাৰ দৌৰত অসম-সন্তান অম্লান বৰগোহাঁয়ে এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ হৈছে।

ভূৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত সোমবাৰে পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে অসমৰ যুৱক অম্লান বৰগোহাঁয়ে। বৰগোহাঁয়ে ২০০ মিটাৰ দৌৰত ২০.৭১ ছেকেণ্ড সময়েৰে সোণৰ পদক লাভ কৰে যিটো মিটৰ অভিলেখ। কিন্তু স্প্ৰিণ্টাৰগৰাকীয়ে এছিয়ান গেমছৰ ২০.৬১ ছেকেণ্ডৰ মানদণ্ড ভংগ কৰিব নোৱাৰিলে।

১৫-১৯ জুনত ওড়িশাত অনুষ্ঠিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ২০০ মিটাৰত সোণৰ পদক জয়ী কৰে (Amlan Borgohain victory in National Games) । তথাপিও এছিয়ান গেমছৰ যোগ্যতা আহৰণকাৰী ২০.৬১ ছেকেণ্ডৰ সময়মান স্পৰ্শ কৰিব নোৱাৰিলে অম্লানে ।

অসম-সন্তান অম্লান বৰগোহাঁয়ে ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ পঞ্চম তথা অন্তিম দিনা হোৱা ২০০ মিটাৰৰ ফাই নেল ২০.৭১ ছেকেণ্ডত সম্পূৰ্ণ কৰি সোণৰ পদক লাভ কৰে।

উল্লেখ্য যে, নতুন মীট ৰেকৰ্ডো প্রতিষ্ঠা কৰা অম্লানক আজি অনুষ্ঠিত ছেমি ফাইনেলত অৱশ্যে পাছত ৰাখি উত্তৰ প্ৰদেশৰ আকাশ কুমাৰে ফাইনেলত প্ৰৱেশ কৰিছিল ।

ৰাষ্ট্ৰীয় ৰেকৰ্ড ধাৰী অম্লানৰ (২০.৫২ ছেকেণ্ড) ২১.২৮ ছেকেণ্ডৰ বিপৰীতে আকাশে সময় লৈছিল ২১.২০ ছেকেণ্ড। অৱশ্যে ফাইনেলত আকাশে ২১.১৭ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক দখল কৰাৰ বিপৰীতে কৰ্ণাটকৰ শশীকান্ত বিৰুপাক্ষই ২১.০৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি দ্বিতীয়স্থান অৰ্জন কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত বেংগালুৰুত অনুষ্ঠিত হোৱা তৃতীয় ভাৰতীয় গ্ৰেণ্ড প্ৰিক্সত অসাধাৰণ প্ৰদৰ্শনেৰে বৰগোহাঁইয়েও ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছিল। পুৰুষৰ ১০০ আৰু ২০০ মিটাৰ দৌৰত বৰগোহাঁয়ে ১০০ মিটাৰ দৌৰত ১০.৫০ ছেকেণ্ড আৰু ২০০ মিটাৰ দৌৰত ২১.২২ ছেকেণ্ডৰ আকৰ্ষণীয় সময়েৰে দুয়োটা ইভেণ্টতে জয়লাভ কৰি দুটা স্বৰ্ণ পদক লাভ কৰিছিল ।

বিগত বৰ্ষৰ আগষ্ট মাহত ৰায়েবাৰেলীত অনুষ্ঠিত সৰ্বভাৰতীয় ইণ্টাৰ ৰেলৱে এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ যোৰহাট জিলাৰ মেলেং গাঁৱৰ ২৩ বছৰীয়া স্প্ৰিণ্টাৰ বৰগোহাঁইয়ে ১০০ মিটাৰ দৌৰ ১০.২৫ ছেকেণ্ডত অতিক্ৰম কৰি দেশৰ ভিতৰতে সৰ্বাধিক বেগী পুৰুষৰ অভিলেখ গঢ়িছিল ।

২০১৬ চনত স্থাপন কৰা আমিয়া মেলিকৰ ১০০ মিটাৰ দৌৰৰ ১০.২৬ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় নম্বৰ ভংগ কৰিছিল। বৰগোহাঁইৰ পূৰ্বৰ শ্ৰেষ্ঠ সময় আছিল ১০.৩৪ ছেকেণ্ড, যিটো যোৱা বছৰ নিৰ্ধাৰণ কৰা হৈছিল।

লগতে পঢ়ক : Submersible Titanic Missing : টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ নিৰুদ্দেশ পৰ্যটক কঢ়িয়াই নিয়া চাবমাৰ্চিবল টাইটান