Local, Vocal, Global

PM Modi US Visit : চাৰিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোডী আমেৰিকালৈ ৰাওনা

নেশ্যনেল ডেস্ক, ২০ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰাওনা হয়(PM Modi US Visit) । তেওঁৰ এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাজ্যিক ভ্ৰমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মোদীক ৰাজ্যিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল । তেওঁ দ্বিতীয় ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে আমেৰিকাত ৰাজ্যিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।

ইয়াৰ পূৰ্বে, ১৯৬৩ চনত ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু ২০০৯ চনত মনমোহন সিঙে আমেৰিকাত ৰাজ্যিক ভ্ৰমণ কৰিছিল। যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ যোৱা সাতটা আমেৰিকা ভ্ৰমণৰ তুলনাত এই ভ্ৰমণটো অতি বিশেষ।

এই সময়ছোৱাত, তেওঁ ৭২ ঘণ্টাত মুঠ ১০ টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু নিউয়ৰ্কত আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা যোগাভ্যাসও কৰিব।

প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে টুইট কৰি কয় যে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক গভীৰ আৰু প্ৰতিটো ক্ষেত্ৰতে আমাৰ অংশীদাৰীত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত সৰ্ববৃহত্‍ বাণিজ্যিক অংশীদাৰ। ইয়াৰোপৰি আমি বিজ্ঞান, প্ৰযুক্তি, স্বাস্থ্য আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো অংশীদাৰ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক ফ্ৰী আৰু অপেন কৰাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰি আছে ।

লগতে তেওঁ কয় যে, ৰাষ্ট্ৰপতি বিডেন আৰু অন্যান্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতা সকলৰ সৈতে মোৰ আলোচনাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক অধিক আগুৱাই নিব। মই নিশ্চিত যে মোৰ আমেৰিকা ভ্ৰমণে গণতন্ত্ৰ, বৈচিত্ৰ্য আৰু স্বাধীনতাৰ মূল্যবোধৰ ওপৰত আধাৰিত কৰি আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। আমি গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দৃঢ়ভাৱে একত্ৰিত।

উল্লেখ্য যে, মোদীৰ এই ভ্ৰমণ কালত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্ৰতিনিধি দলৰ অংশ হ’ব বুলি আশা কৰা হৈছে। এই ভ্ৰমণকালত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা, প্ৰযুক্তি, কৌশলগত আৰু ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হ’ব। মোডীয়ে প্ৰায় ২০ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো লগ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Ambubachi Mela : অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন