Floods in Assam : কামপুৰত বানৰ বিভীষিকা,কপিলীয়ে লৈছে ভয়ংকৰ ৰূপ

কামপুৰ, ১৯জুন : ৰাজ্যত বানৰ বিভীষিকা(Floods in Assam) ।ৰাজ্যৰ কেইবাখনো জিলাত পৰিলক্ষিত হৈছে বানৰ ভয়াৱহ ৰূপ ।বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো গাওঁ বানৰ কৱলত পৰিছে।
সমগ্ৰ ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ (Assam Flood 2023) । ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে । তিনিখন জিলাৰ প্ৰায় ৫০ হেজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে বানত ।
যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হ’বলৈ আৰম্ভ কৰিছে(Assam Flood 2023)। সমগ্ৰ ৰাজ্যতে বৃষ্টিপাত অব্যাহত থাকিব বুলি উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে অহা ১৯ জুনলৈকে অৰেঞ্জ এলার্ট জাৰী কৰিছে (Orange Alert)
ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । কামপুৰত কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাত অধিক ভয়াৱহ হৈছে বৃহত্তৰ অঞ্চলটোৰ বান পৰিস্থিতি । নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল ।
সমান্তৰালকৈ মধ্য অসমত কপিলী নৈ য়ে বৰষুণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
বিগত কেইবাদিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত নগাঁও জিলাৰ কামপুৰত বান পৰিস্থিতি অপৰিবৰ্তিত হৈছে(Floods in Assam after heavy rain)।
জানিব পৰা মতে, বৰ্তমানো কামপুৰত কপিলীৰ সোঁত কমা নাই। খানদাংৰ গেট খুলাৰ পাছতে কপিলীৰ জলস্তৰ বৃদ্ধি হৈ কামপুৰ গোসাঁইগাঁৱৰ প্ৰেমজান মথাউৰি বাঢ়নী পানীয়ে ছিঙি নিলে ৷তাৰ পাছতে বানপানীত বুৰ গৈছে ইখনৰ পাছত সিখনকৈ গাঁও ৷ পথৰ ওপৰৰে পানী বাগৰাত যাতায়ত ব্যাহত হৈ পৰিছে ৷ শ শ বিঘা কৃষি ভূমি এতিয়া পানীৰ তলত।
কামপুৰৰ কাকতি গাঁৱৰ কপিলী মথাউৰি ২০২০চনতে ভয়াবহ বানে খহাই নিছিল যদিও আজিলৈকে মেৰামতি নোহোৱাত বৰ্তমানে স্থানীয় দহৰ পৰা বাৰখন গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে।
বৰ্তমান কপিলীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ অহাৰ পৰিপেক্ষিতত বান আৰু গৰাখহনীয়াৰ আশংকাত আতংকিত হৈ স্থানীয় ৰাইজে উজাগৰে পাৰ কৰিছে সময় । আতংকিত ৰাইজে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনক বান প্ৰতিৰোধৰ বাবে শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
উল্লেখ যোগ্য যে , ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে ভূমিস্খলন আৰু গৰাখহনীয়াই ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে।ইয়াৰ পিছটো চৰকাৰ আৰু জিলা প্ৰশাসনে বানাক্ৰান্ত বাবে কোনো ধৰণৰ বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক :Assam Flood 2023 : অপৰিৱৰ্তিত কপিলীৰ জলস্তৰ, প্লাবিত হৈছে ন ন অঞ্চল