Union Health Minister reviewed Assam flood : অসমত বাৰিষাৰ পূৰ্বে বান ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পুনৰীক্ষণ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দবিয়াৰ

নিউজ ডেস্ক, ১৮ জুন : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দবিয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য সংস্থাসমূহৰ সৈতে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰে এক বৈঠক (Union Health Minister Mansukh Mandabia) । এই বৈঠকত অসমত বাৰিষাৰ পূৰ্বে বানপানীৰ ফলত সৃ্ষ্টি হোৱা স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সংস্থাসমূহে অসমৰ বানপানীৰ ফলপ্ৰসূ ব্যৱস্থাপনা সুনিশ্চিত কৰা ব্যৱস্থাসমূহৰ মূল্যায়ন কৰে(Union Health Minister reviewed Assam flood)।
বৈঠকত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব অশোক বাবু আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী, উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান (নেইগ্ৰিমছ), শ্বিলং; ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ-আঞ্চলিক চিকিত্সা গৱেষণা কেন্দ্ৰ (ICMR-RMRCNE), ডিব্ৰুগড় আৰু আঞ্চলিক পেৰামেডিকেল আৰু নাৰ্চিং বিজ্ঞান প্ৰতিষ্ঠান (ৰিপানছ), আইজলৰ দৰে স্বীকৃতিপ্ৰাপ্ত সংস্থাসমূহৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।
ড০ মান্দবিয়াই বান আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ মাজত শক্তিশালী সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে (Union Health Minister Mansukh Mandabia) ।
তেওঁ বানপীড়িত অঞ্চলত গুৰুত্বপূৰ্ণ স্বাস্থ্য সঁজুলি, অক্সিজেন, চিকিত্সালয়ৰ বিচনাৰ লগতে বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ততাৰ প্ৰতি সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু ভেঁকুৰ আৰু পানীজনিত ৰোগৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বান-ব্যৱস্থাপনা আৰ্হিৰ সন্দৰ্ভত কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনায় যিটো বাৰে বাৰে হৈ থকা এক পৰিঘটনা । তেওঁ বিষয়াসকলক বিচনা, অক্সিজেন আৰু অন্যান্য স্বাস্থ্য সুবিধাৰ পৰ্যাপ্ততাৰ দৰে সকলো গুৰুত্বপূৰ্ণ তথ্যৰ তালিকা প্ৰস্তুত কৰি অনলাইন ডাটাবেছ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যিকোনো স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ দক্ষতাৰে ব্যৱস্থাপনা নিশ্চিত কৰিব পাৰে(Union Health Minister reviewed Assam flood)।
স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰসমূহ যাতে প্ৰয়োজনীয় ঔষধ, কাৰ্যক্ষম চিকিত্সা সঁজুলি আৰু অন্যান্য সুবিধাসমূহেৰে সুসজ্জিত হৈ থাকে, তাৰ বাবেও বিষয়াসকলক আহ্বান জনায়। তেওঁ এবি-এইচডব্লিউচিসমূহত সকলো স্বাস্থ্যকৰ্মীক প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ দিয়ে, যাতে তেওঁলোকে এনে জৰুৰীকালীন অৱস্থাত অতি গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় স্বাস্থ্যসেৱা আগবঢ়াবলৈ সষ্টম হৈ থাকে। “আশা, এএনএম, চিএইচঅ’ আদি সকলে যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে জানিব লাগে। আগতীয়া প্ৰশিক্ষণে জৰুৰীকালীন বান ব্যৱস্থাপনাৰ সময়ত স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰাত ফলপ্ৰসূ হোৱাটো নিশ্চিত কৰিব”, তেওঁ কয়।
অসমৰ প্ৰধান সচিব (স্বাস্থ্য) অবিনাশ যোশীয়ে জনায় যে ৰাজ্যখনত সকলো প্ৰয়োজনীয় ঔষধ পৰ্যাপ্ত পৰিমাণে মজুত আছে। পৰ্যালোচনা বৈঠকত বৰপেটা, কামৰূপ, কাছাৰ, লখিমপুৰ, ডিমা হাছাও আৰু ডিব্ৰুগড় জিলাকে ধৰি ছয়খন জিলাৰ উপায়ুক্তসকলে যোগদান কৰে, যিসকলে বানপানীৰ ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে বুলি সদৰি কৰে।
স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ডিজিএইচএছ ড০ অতুল গোৱালে কয় যে তেওঁলোকৰ আঞ্চলিক কাৰ্যালয়সমূহে ৰাজ্য চৰকাৰক সহায় কৰাৰ বাবে সাজু হৈ আছে। লগতে তেওঁ কয় যে প্ৰয়োজন সাপেক্ষে ৰাজ্যখনক হায় কৰাৰ বাবে এইমছ গুৱাহাটী আৰু এনচিডিচিৰ বিশেষজ্ঞৰ দল নিয়োগ কৰা হ’ব।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস দিয়ে।
লগতে পঢ়ক : Manipur Violence : প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন ১০টা বিৰোধী দলৰ