Local, Vocal, Global

Manipur Violence : প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন ১০টা বিৰোধী দলৰ

নেশ্যনেল ডেস্ক, ১৮ জুন : মণিপুৰৰ দহটা সমভাৱাপন্ন দলৰ সৈতে কংগ্ৰেছে শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই বিষয়ত গভীৰভাৱে আলোচনা কৰিবলৈ সাক্ষাতৰ বাবে অপেক্ষা কৰি আছে (Manipur Violence)।

”মণিপুৰৰ দহটা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ পৰা অনুমতিৰ বাবে অপেক্ষা কৰি আছে । দহটা দল কংগ্ৰেছ, জেডি(ইউ), চিপিআই, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, আপ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা (ইউবিটি), এনচিপি আৰু ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি বিচাৰিছে (10 opposition parties question PM Modi silence)।

এইসকল নেতাই ৰাষ্ট্ৰীয় ৰাজধানীত অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাত্‍ কৰিবলৈ ২০ জুনলৈকে থাকিব।

শনিবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, আমি আশাবাদী যে ২০ জুনত আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ বিৰোধী দলসমূহক সাক্ষাত্‍ কৰিব।”

কেন্দ্ৰত বিজেপি চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰমেশে কয়, ”২২ বছৰ পূৰ্বে ২০০১ চনৰ ১৮ জুনত মণিপুৰ জ্বলি আছিল (Congress Leader Jairam Ramesh) । বিধানসভাৰ অধ্যক্ষৰ বাংলো, মুখ্যমন্ত্ৰী সচিবালয় জ্বলিছিল আৰু প্ৰায় তিনিমাহ ধৰি অৱৰোধ আছিল। সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সকলো দলৰ দাবীত, দুবাৰকৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু তেওঁ শান্তিৰ বাবে আবেদন জনাইছিল।”

লগতে ৰাজ্যসভাৰ সাংসদও ৰমেশে কয়, ‘য’ত আজি ১০টা দলৰ নেতাই প্ৰধানমন্ত্ৰী মোডীক সাক্ষাত্‍ কৰিবলৈ অপেক্ষা কৰি আছে, অথচ তেওঁ মৌন হৈ আছে।’ ২০০১ চনৰ ২৪ জুনত ৰাজ্যখনত সংঘটিত ঘটনাৰ মাত্ৰ ছয় দিনৰ পাছতে মণিপুৰৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাত্‍ কৰিছিল। বিদেশলৈ যোৱাৰ আগতে তেতিয়াৰ গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে ৮ জুলাইত সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাত্‍ কৰিছিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ে পুনৰবাৰ শান্তি বজাই ৰাখিবলৈ আৰু প্ৰশাসনক সহায় কৰি ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছিল। আজি প্ৰধানমন্ত্ৰীক সাক্ষাত্‍ কৰাৰ সুযোগ পাবলৈ ইয়াত ১০টা ৰাজনৈতিক দলৰ নেতাই অপেক্ষা কৰি আছে যদিও তেওঁ মৌন হৈ আছে আৰু তেওঁ এতিয়াও কোনো আবেদন জনোৱা নাই।

লগতে তেওঁ কয়, ‘এইটো স্পষ্ট যে ৰাজ্য চৰকাৰৰ ওপৰত কোনো বিশ্বাস নাই আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় লাভ কৰাৰ আশাহে কৰিব পাৰো। গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ কোনো পাৰ্থক্য নাই।’

ৰমেশে লগতে কয় ‘আমি দাবী জনাইছো যে প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীৰ আবেদন চাই লওক আৰু প্ৰতিনিধি দলৰ সৈতেও সাক্ষাত্‍ কৰক। তেওঁ মন কি বাতৰ সলনি মণিপুৰ কি বাত কৰিবই লাগিব,”

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙে কয় যে ৩ মে’ৰ পৰা মণিপুৰ জ্বলিছে আৰু আজিও জ্বলি আছে। “সকলোতে আৰ্তনাদ আৰু কান্দোন, মহিলা আৰু শিশুকে ধৰি ২০ হাজাৰ লোকে শিবিৰত আশ্ৰয় লৈছে (Former Chief Minister Okram Ibobi Singh) । অৱশ্যে মণিপুৰ সন্দৰ্ভত এতিয়াও প্ৰধানমন্ত্ৰীয়ে একো প্ৰকাশ কৰা নাই। মণিপুৰ ভাৰতৰ অংশ হয় নে নহয়? যদি হয়, তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কিয় এই বিষয়ে কথা কোৱা নাই? আমি ১০টা সমভাৱাপন্ন ৰাজনৈতিক দলে শান্তিৰ পোষকতা কৰি এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছো।”

সিঙে লগতে কয়, ‘আমি ইয়াত ৰাজনৈতিক সুবিধাৰ বাবে অহা নাই বৰঞ্চ আমি কেৱল শান্তি বিচাৰিছো। অনুগ্ৰহ কৰি আমাক সহায় কৰক।’

উল্লেখ্য যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী জাতিগত হিংসাত এতিয়ালৈকে ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৪০০ৰো অধিক লোক আহত হৈছে।

লগতে পঢ়ক : International Panic Day 2023 : Panic Diseaseৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বোত্তম উপায়সমূহ কি জানেনে ?