Road Accident : শোকাৱহ পথ দুৰ্ঘটনা, অকাল মৃত্যু ফটো সাংবাদিকৰ

বিশ্বনাথ, ১৮ জুন : এক শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত্যু সাৱতিলে এজন ফটো সাংবাদিকে।শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি উভতি অহা সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাবতিলে বিশ্বনাথৰ ফটো সাংবাদিকে(Road Accident in Biswanath)।
জানিব পৰা মতে, বিশ্বনাথৰ যুৱক তথা এটা চেটেলাইত চেনেলৰ ফটো সাংবাদিক হিচাপে কৰ্মৰত আছিল নিৰ্বান নয়ন হাজৰিকা।
শনিবাৰে নিশা এটা বাতৰি সংগ্ৰহ কৰি নিজ গৃহ অভিমুখে গৈ থকা সময়তে এক শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, বিশ্বনাথৰ বন বিভাগৰ কাৰ্যলয়ৰ সমীপৰে বি জি ৰোডৰ ৰাজপথত এজোপা প্ৰকাণ্ড গছ উভালি পৰি আছিল।
বন বিভাগৰ কাৰ্যালয় সমীপতে গছডাল বহু সময় পৰি আছিল যদিও বন বিভাগ অথবা প্ৰশাসনে বহু সময় গছজোপা ৰাজপথৰ পৰা আঁতৰ কৰাৰ ব্যৱস্থা কৰা নাছিলে। ফলত শণিবাৰে নিশা আন্ধাৰত সেই পথৰে বাতৰি সংগ্ৰহ কৰি ঘৰলৈ গৈ থকা সময়তে ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই নিজৰ মটৰ চাইকেলৰে গছ জোপাত তীব্ৰ জোৰে খুন্দা মাৰে।ফলত আঘাতপ্ৰাপ্ত হয় নয়ন হাজৰিকা(Road Accident in Biswanath)।
আঘাতপ্ৰাপ্ত নয়ন হাজৰিকাক লগে লগে স্থানীয় লোকে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ যায়। চিকিৎসাৰ বাবে গৈ থকা সময়তে অকাল মৃত্যুক আকোৱালি লয় ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই।
লগতে পঢ়ক : Ambubachi Mela 2023 : সমাগত অম্বুবাচী, এইবাৰ অম্বুবাচীৰ ভক্তৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে ?