Local, Vocal, Global

Preparedness for Cyclone Biparjoy: ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নেশ্যনেল ডেস্ক, ১৪ জুন: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal holds meet) কেন্দ্ৰীয় চৰকাৰৰ লগতে গুজৰাট চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি, লোকচান হ্ৰাস কৰাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে (Preparedness for Cyclone Biparjoy) । অতি তীব্ৰ ঘূৰ্ণীবতাহ বুলি বৰ্ণনা কৰা এই ঘূৰ্ণীবতাহটোৱে কাইলৈ গুজৰাট উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আমি সকলো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগিব, কিয়নো সাম্প্ৰতিক সময়ত ভাৰতক প্ৰভাৱিত কৰিব পৰা এইটো আটাইতকৈ বিপদজনক প্ৰাকৃতিক দুৰ্যোগ । আমি যিকোনো লোকচান হ্ৰাস কৰিবলৈ আৰু মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰি আছোঁ । উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু ঘূৰ্ণীবতাহৰ পাছত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাময়িক আশ্ৰয়স্থলৰ ব্যৱস্থা কৰা হৈছে । এই আশ্ৰয়স্থলবোৰত মহিলা আৰু শিশুসহ সকলো শ্ৰেণীৰ লোকৰ বাবে জৰুৰীকালীন যত্ন, চিকিৎসা সেৱা আৰু লগতে দৰিদ্ৰ লোকসকলৰ বাবে পুষ্টিগত সামগ্ৰী প্ৰদান কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে । আমি প্ৰভাৱিত অঞ্চলসমূহত ডাঙৰ জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছোঁ (Necessary preparations to ensure safety of ships) । আমি প্ৰক্ৰিয়াটো নিৰন্তৰ নিৰীক্ষণ কৰি আছোঁ । ৰাজহুৱা সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ক্ষয়-ক্ষতি, লোকচান হ্ৰাস কৰিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে তৃণমূলত দল যথেষ্ট সতৰ্ক হৈ আছে ।”

আজিৰ বৈঠকত কান্দলা বন্দৰ কৰ্তৃপক্ষ, জাহাজ পৰিবহণ সঞ্চালক প্ৰধান, মাৰ্কেণ্টাইল সামুদ্ৰিক বিভাগৰ বিষয়া, গুজৰাট ৰাজ্য প্ৰশাসনৰ মুখ্য সচিব প্ৰমুখ্যে অন্যান্য বিষয়াসকল, দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু দুৰ্যোগ ব্যৱস্থাপনা দলৰ লগতে গুজৰাট চৰকাৰে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা দলৰ উপৰি গুজৰাট সামুদ্ৰিক বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

মন কৰিবলগীয়া যে কান্দলা বন্দৰ কৰ্তৃপক্ষই গান্ধীধামত আধুনিক যোগাযোগ সঁজুলি আৰু প্ৰযুক্তিৰে সজ্জিত তিনিটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে, যিয়ে ১১ জুনৰপৰা চব্বিশ ঘণ্টাই কাম কৰি আছে। এক জনসজাগতা অভিযানো চলি আছে আৰু সকলো সংস্থা, সংগঠন, কৰ্তৃপক্ষক প্ৰয়োজনীয় পৰামৰ্শ জাৰী কৰা হৈছে। বন্দৰ এলেকা আৰু ইয়াৰ চাৰিওফালৰ অন্যান্য নিম্ন অঞ্চলত বাস কৰা প্ৰায় ৩,০০০ লোকক ইতিমধ্যে সাহায্যমূলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । ৫,০০০ৰপৰা ৬,০০০ লোকক আশ্ৰয় দিয়াৰ থল থকা বাকী আশ্ৰয় শিবিৰসমূহ গোপালপুৰী ক’লনীত স্থাপন কৰা হৈছে ।

সম্পত্তিৰ লোকচানৰপৰা হাত সৰাটো নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট অঞ্চলসমূহত জাহাজৰ চলাচল বন্ধ কৰাৰ লগতে সকলো এংকৰযুক্ত জাহাজ ইতিমধ্যে কচ্ছ উপসাগৰৰপৰা ওলাই গৈছে । বাৰ্থত জাহাজবোৰ স্থানান্তৰ কৰাৰ পাছত সকলো চলন্ত ক্ৰেইন সুৰক্ষিত কৰা হৈছে । হাই মাষ্টলাইটিং টাৱাৰবোৰ বৈকল্পিকধৰণে তললৈ নমাই দিয়া হৈছে। ষ্টীল ফ্লোটিং ড্ৰাই ডক সুৰক্ষিত কৰা হৈছে আৰু ভিতৰৰ কাৰ্যকলাপ স্থগিত ৰখা হৈছে । কান্দলা আৰু ভাদিনাৰ বন্দৰৰ সকলো পোৰ্ট ক্ৰাফ্ট সুৰক্ষিত ৰখা হৈছে ।

পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গুজৰাট সামুদ্ৰিক পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জাহাজ পৰিবহণ সঞ্চালক প্ৰধানে অৱগত কৰে যে কোনো জাহাজত যাতে প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি নহয়, তাৰ বাবে এছঅ’পি অনুসৰি সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কান্দলা আৰু জামনগৰৰ মাৰ্কেণ্টাইল সামুদ্ৰিক বিভাগৰ বিষয়াসকলৰ সৈতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পৰিপ্ৰেক্ষিতত লোকচান হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে । সোণোৱালে মাছ ধৰা বন্দৰসমূহৰ সুৰক্ষাৰ বিষয়েও অনুসন্ধান কৰে আৰু নিশ্চিত কৰে যে সকলো মাছমৰীয়া আৰু অন্যান্য বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ’ব । মন্ত্ৰীগৰাকীয়ে সকলো সংস্থাক ঘূৰ্ণীবতাহ পাৰ নোহোৱালৈকে জীৱন আৰু সম্পত্তিৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে নিৰন্তৰ সমন্বয় আৰু যোগাযোগ ৰখাৰ বাবে আহ্বান জনায় । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ঘূৰ্ণীবতাহ পৰিস্থিতিৰ নিৰন্তৰ নিৰীক্ষণ অব্যাহত ৰাখিছে আৰু যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক : Cyclone Biparjoy : গুজৰাটত বিৰাজ কৰিছে সম্ভাৱ্য ঘূৰ্ণীবতাহ বিপাৰজয়ৰ আশংকা