New Chief General Manager of SBI : SBI ৰ CGM হিচাপে নিযুক্তি অসমৰ প্ৰথমগৰাকী মহিলা সুৰঞ্জনা দত্ত
![](https://mynewsne.com/wp-content/uploads/2023/06/hfkjghdfkghdjfgh-750x430.jpg)
নিউজ ডেস্ক, ১৪ জুন : ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত নিযুক্তি লাভ কৰিছে এগৰাকী অসমীয়া মহিলাই (New Chief General Manager of SBI) । পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ এগৰাকী মহিলাই ৰাজ্যলৈ কঢ়িয়াই আনিছে এই সুনাম ৷
ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত নতুনকৈ নিযুক্তি লাভ মহিলাগৰাকী হ’ল সুৰঞ্জনা দত্ত । সুৰঞ্জনা দত্তই গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
১৯৯১ চনত সুৰঞ্জনা দত্তই ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে । ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰা দত্তই দেশৰ বিভিন্ন প্ৰান্তৰ কৰ্ম ক্ষেত্ৰত ইতিমধ্যেই সুখ্যাতি অৰ্জন কৰিছে ।
সুৰঞ্জনা দত্তই জাপানতো কৰ্মজীৱনৰ কিছুসময় পাৰ কৰে, শিক্ষা জীৱনৰ উচ্চতৰ মাধ্যমিক তেতিয়াৰ পি.ইউৰ দেওনা পাৰ কৰিছিল কটন কলেজৰ পৰা । স্নাতক ডিগ্ৰী কটন কলেজৰ পৰা লাভ কৰাৰ পিছতে সুৰঞ্জনা দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে সুৰঞ্জনা দত্ত এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ জেনেৰেল মেনেজাৰ আছিল আৰু গুৱাহাটীৰ স্থানীয় মুখ্য কাৰ্যালয়ত কাৰ্যনিবাহ কৰি আছিল ।
উল্লেখ্য যে, সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আৰু তেওঁৰ এই সফলতাত স্বাভাৱিকতেই এতিয়া গৌৰান্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী । সামাজিক মাধ্যমতো খবৰটোৱে বিশেষ চৰ্চা লাভ কৰাৰ লগতে বিভিন্নজনে ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰথমগৰাকী অসমীয়া মহিলা চিফ জেনেৰেল মেনেজাৰ সুৰঞ্জনা দত্তক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক : CM signs MoU : হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেইবাখনো বুজাবুজি চুক্তিৰ স্বাক্ষৰ