CM signs MoU : হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেইবাখনো বুজাবুজি চুক্তিৰ স্বাক্ষৰ
![](https://mynewsne.com/wp-content/uploads/2023/06/gjhghghjgh-750x430.jpg)
গুৱাহাটী, ১৪ জুন : ৰাজ্য চৰকাৰে অৰ্থনৈতিক বিকাশৰ বিভিন্ন আচঁনি ৰুপায়ন কৰা দেখা গৈছে । তাৰে লক্ষ্যৰে আজি অৰ্থাৎ বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দুখনকৈ বুজাবুজি চুক্তিত স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হয় (CM Himanta Biswa Sharma)।
জানিব পৰা মতে, অনুষ্ঠানতে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত বুজাবুজিৰ আন এখন চুক্তি স্বাক্ষৰিত হয় ।
উল্লেখ্য যে, অসম চৰকাৰৰ দুটাকৈ বিভাগে যৌথভাৱে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশে এন এফ ৰে’লৱে আৰু নুমলীগড় শোধনাগাৰৰ সৈতে বুজাবুজিত উপনীত হয় ।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টনবজাৰৰ ৪ বিঘা ভূমি হস্তান্তৰ কৰা হ’ব উত্তৰ পূৱ ৰে’লৱেক । বুধবাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয় উত্তৰ পূৱ ৰে’লেৱক। ৰে’লৱে ষ্টেচনৰ নামত ব্যৱহাৰ কৰা হ’ব হস্তান্তৰিত এই ভূমিখিনি ।
ইয়াৰ বিনিময়ত উত্তৰ পূৱ ৰে’লৱেয়ে অসম ৰাজ্যিক পৰিবহণ নিগমক একেই মূল্যৰ ভূমি জালুকবাৰীৰ ২০ বিঘা ভূমি ৰে’লৱে দিব অসম ৰাজ্যিক পৰিবহণ নিগমক । অসম ৰাজ্যিক পৰিবহণ নিগমৰ গৃহৰ বাবদ হোৱা খৰচৰ ৫.৯ কোটি টকা দিব উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্রৱন্ধক চেতন কুমাৰ শ্রীবাস্তৱ, পৰিবহণ বিভাগৰ সচিব আদিল খান আদি বিষয়াসকল। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, ভূমি হস্তান্তৰ কৰাত গুৱাহাটী ৰে’লৱে ষ্টেচনে পাব দ্বিতীয় প্রৱেশ দুৱাৰ । ৰে’লৱে হস্তান্তৰ কৰা ২০ বিঘা ভূমিত হ’ব নতুন ISBT ।
উল্লেখ্য যে জালুকবাৰীৰ উৰণীয়া সেতুৰ সমীপৰ হজ ভৱনৰ কাষতে নিৰ্মাণ কৰা হ’ব নতুন ISBT। গুৱাহাটী ৰে’ল ষ্টেচনক অত্যাধুনিক ৰূপত গঢ় দিবৰ বাবে ব্যয় কৰা হ’ব ৭০০ কোটি টকা ।
আনহাতে ১৬৬৪ কোটি টকা ব্যয় কৰি আজ্ঞাথুৰীৰ পৰা কামাখ্যালৈ হ’ব নতুন ৰে’ল ষ্টেচন । শিলঘাত আৰু তেজপুৰক সংযোগ কৰি নিৰ্মাণ হ’ব ব্রডগজ ৰে’লৱে।
তাৰোপৰি মাজুলী আৰু দৰং জিলাকো ৰে’লৱেৰ মানচিত্রলৈ অনাৰ প্রয়াস কৰিব চৰকাৰে।
লগতে পঢ়ক : Balisapori PS OC Reserve Closed : মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ