Boat Capsized : বিবাহৰ পৰা উভতাৰ পথতে বাগৰি পৰিল নাও, নিহত শতাধিক লোক
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জুন : আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়াত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা(Boat Capsized) । মঙলবাৰে উত্তৰ নাইজেৰিয়াত বিয়াৰ পৰা উভতি অহা এখন নাও উটি যোৱাৰ ফলত শিশুকে ধৰি প্ৰায় ১০৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (103 wedding guests killed) ।
স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি , ইলোৰিন চহৰৰ পৰা ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা । নাওখনত থকা কেইবাগৰাকীও লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ অভিযান অব্যাহত আছে বুলি জনায় ।
লগতে তেওঁ জানিব দিয়া অনুসৰি এই পৰ্যন্ত নদীৰ পৰা ১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে
সূত্ৰ অনুসৰি, নাওখনত থকা লোকসকল অধিকাংশই একেলগে বিবাহ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল আৰু গভীৰ নিশালৈকে অনুষ্ঠান উপভোগ কৰিছিল। অধিকাংশ লোকেই নিজ বাহনেৰে এই অনুষ্ঠানত উপস্থিত হৈছিল যদিও মুষলধাৰ বৰষুণৰ বাবে যাত্ৰাপথ বুৰাই পেলোৱাত স্থানীয়ভাৱে নিৰ্মিত নাওখনত তেওঁলোক অনুষ্ঠানৰ পৰা উভতিবলগীয়া হৈছিল(northern Nigeria) ।
জানিব পৰা মতে, নাওখনত প্ৰায় ৩০০ লোক আছিল। এই ভয়াৱহ দুৰ্ঘটনাটো মঙলবাৰে পুৱা ৩ বজাতে সংঘটিত হোৱাৰ বাবে বহু সময়লৈ দুৰ্ঘটনাৰ বিষয়ে কোনো খবৰ ওলোৱা নাছিল ।
পিছত ঘটনাৰ বিষয়ে জানিব পাৰি পানীত ডুব যোৱা যাত্ৰীসকলতক কাষৰীয়া গাঁৱৰ লোকসকলে সেই স্থানত উপস্থিত হৈ প্ৰথমে প্ৰায় ৫০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
লক্ষণীয় যে এই দুৰ্ঘটনা সংঘটিত হোৱা এই নাইজাৰ নদীক নাইজেৰিয়াৰ অন্যতম বৃহত্ নদী বুলি জনা যায়। স্থানীয় লোকসকলে এই দুৰ্ঘটনাক বহু বছৰৰ ভিতৰত দেখা আটাইতকৈ মাৰাত্মক নাও দুৰ্ঘটনা বুলি অভিহিত কৰে ।
ইফালে প্ৰশাসনে নাও দুৰ্ঘটনাত এইপৰ্যন্ত সন্ধানহীন হৈ থকা লোকসকলৰ সন্ধানত বুধবাৰ নিশালৈকে উদ্ধাৰ অভিযান অব্যাহত থাকিব বুলি সদৰী কৰিছে। স্বাভাৱিকতেই দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে ।
উল্লেখ্য যে ইতিমধ্যে মঙলবাৰে সন্ধিয়ালৈকে উদ্ধাৰ হোৱা সকলো মৃতদেহ স্থানীয় ৰীতি-নীতি অনুসৰি সমাধিস্থ কৰা হৈছে । কোৱাৰা গভৰ্ণৰ আব্দুলৰহমান আব্দুলৰাজাকৰ কাৰ্যালয়ে নিহতসকলৰ পৰিয়ালৰ বাবে দুখ প্ৰকাশ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ “সম্ভাৱ্য জীৱিত লোকৰ সন্ধানত মঙলবাৰে নিশাৰ পৰা ইতিমধ্যে চলোৱা উদ্ধাৰ প্ৰচেষ্টাৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে।” বেছিভাগ দুৰ্ঘটনাৰ কাৰণ অতিৰিক্ত বোজা আৰু বেয়াকৈ ৰক্ষণাবেক্ষণ কৰা নাওৰ ব্যৱহাৰ ফলত হয় ।
লগতে পঢ়ক : Cyclone Biparjoy : গুজৰাটতত ‘বিপৰ্যয়’ৰ ফলত ভূমিস্খলনৰ সম্ভাৱনা ! বাতিল কেইবাখনো ৰে’ল