Local, Vocal, Global

Cyclone Biparjoy : গুজৰাটতত ‘বিপৰ্যয়’ৰ ফলত ভূমিস্খলনৰ সম্ভাৱনা ! বাতিল কেইবাখনো ৰে’ল

নেশ্যনেল ডেস্ক, ১৩জুন : ৰুষ্ট প্ৰকৃতি ! এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিব পাৰে গুজৰাট ! শেহতীয়াকৈ অহা এজাক ঘূৰ্ণী বতাহ, নাম ‘বিপৰ্যয়’। ঘূৰ্ণীবতাহ বিপৰ্যয়ক লৈ চিন্তিত এতিয়া দেশবাসী। বিশেষকৈ এই ঘূৰ্ণী বতাহজাকে নিদ্ৰা হৰণ কৰিছে গুজৰাটবাসীৰ।

গুজৰাটত প্ৰতি ঘণ্টাত ১৫০ কিঃমিঃ গতিবেগেৰে ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১৫ জুনত ঘূৰ্ণীবতাহ বিপৰ্যয়ে গুজৰাটত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব (Powerful cyclone Biparjoy likely to hit Gujarat )।

১৫ জুনৰ সন্ধিয়াৰ ভিতৰত জাখৌ বন্দৰৰ ওচৰত সৌৰাষ্ট্ৰ আৰু কচ্ছ পাৰ হোৱাৰ সম্ভাৱনা আছে ।

বিশেষজ্ঞই মন্তব্য কৰা অনুসৰি, ‘বিপৰ্যয়’ নামৰ ঘূৰ্ণী বতাহজাক ইমানেই ভয়াৱহ যে নিমিষতে ই সকলো তচনচ কৰি দিব পাৰে।এই বতাহজাক তুলনামূলকভাৱে আন বতাহতকৈ শক্তিশালী। সাগৰীয় অঞ্চলসমূহৰ বাবে ই অতি স্পৰ্শকাতৰ। কিয়নো ই সাগৰৰ ওপৰত বেছিকৈ বলে। যাৰ ফলত ধুমুহাৰ গতি প্ৰবল হৈ উপকূলীয় অঞ্চলসমূহ ক্ষতি কৰাৰ উপৰিও ভূমিস্খলনৰ দৰে দুৰ্যোগ সংঘটিত কৰিব পাৰে।যিকোনো মুহুৰ্ততে গুজৰাটৰ উপকূলীয় অঞ্চলসমূহত হ’ব পাৰে ভূমিস্খলন। গুজৰাটৰ উপকূল অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে । প্ৰায় ৭,৫০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰিছে প্ৰশাসনে(Cyclone Biparjoy Alert) ।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে আৰু বিপৰ্যয়ক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তুতিৰ বুজ লয় । প্ৰধানমন্ত্ৰীয়ে গৰাকীয়ে স্পৰ্শকাতৰ অঞ্চলত থকা লোকসকলক স্থানান্তৰ কৰাৰ বাবেও আহ্বান কৰে।

গুজৰাট প্ৰশাসনে জনোৱা অনুসৰি, এই ঘূৰ্ণীবতাহৰ ফলত যাতে কোনো লোকৰ প্ৰাণহানি নহয় তাৰ বাবে নিৰন্তৰ কাম কৰি আছে ৰাজ্য চৰকাৰে। ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) বহু দল মোতায়েন কৰা হৈছে আৰু জনসাধাৰণৰ বাবে বাসস্থান, খাদ্য আৰু ঔষধৰ ব্যৱস্থা কৰা হৈছে (Cyclone Biparjoy Alert) ।

প্ৰশাসনে জনোৱা মতে উপকূলীয় জিলা কচ্ছ, পোৰবন্দৰ, দেৱভূমি দ্বাৰকা, জামনগৰ, জুনাগড় আৰু মৰবিত উপকূলীয় অঞ্চলৰ ওচৰত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু মাছমৰীয়াসকলক সতৰ্ক কৰি দিয়া হৈছে । মাছমৰীয়াসকলক ১৬ জুনলৈকে সাগৰলৈ নাযাবলৈ কোৱা হৈছে ।

ইফালে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে আৰু বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলক স্পৰ্শকাতৰ অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সম্ভৱ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণীৰ ভিত্তিতেই মঙলবাৰে উক্ত অঞ্চলসমূহৰ ৰাইজে পৰিত্ৰাণৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰোপৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও সাম্ভাৱ্য সমস্যাৰ সতে মুখামুখি হ’বলৈ সম্পূৰ্ণৰূপে সাজু হোৱা বুলি উপ-সঞ্চালক মনীষ পাঠকে জানিবলৈ দিয়ে। আনহাতে,সাম্ভাব্য বিপদৰ বাবেই পশ্চিম সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ৬৭ খন ৰে’ল বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : CM urges Transport Department : জিলা পৰিবহণ বিষয়াক যান-বাহন আইন কঠোৰভাৱে বলবৎকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী