Local, Vocal, Global

Italian former prime minister passes away : ৮৬ বছৰ বয়সত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শেষ নিশ্বাস ত্যাগ

ইণ্টাৰনেশ্যনেল ডেস্ক , ১২ জুন : ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিৰ দেহাৱসান (Silvio Berlusconi) । সোমবাৰে ৮৬ বছৰ বয়সত মেলানি মাগিলে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে (Silvio Berlusconi Passes Away) । খবৰ অনুসৰি মিলানৰ ছান ৰাফেল হাস্পতালত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষ নিশ্বাস ত্যাগ কৰে ।

বিগত এপ্ৰিল মাহত বাৰ্লুস্কোনিৰ হাওঁফাওঁৰ সংক্ৰমণৰ চিকিত্‍সা কৰা হৈছিল । ক্ৰনিক লিউকেমিয়াৰ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ।

উল্লখ্য যে এজন আড়ম্বৰপূৰ্ণ কোটিপতি বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২০১১ চনলৈকে চাৰিখন চৰকাৰক নেতৃত্ব দিছিল । তেখেতৰ মৃত্যুৰ খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো ক্ৰ’ছেট্টোৱে কয় যে বাৰ্লুস্কোনিৰ মৃত্যুৱে এক বৃহত্‍ শূন্যতা সৃষ্টি কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ছান ৰাফেলৰ চিকিত্‍সকে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন নেতাগৰাকী তেজৰ কৰ্কট ৰোগৰ এক বিৰল ৰূপ ক্ৰনিক মাইল’ম’ন’চাইট লিউকেমিয়াত আক্ৰান্ত হৈছিল (Italian prime ministe)।

২০২০ চনত কভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা বাৰে বাৰে স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল প্ৰধানমন্ত্ৰীগৰাকী।

১৯৩৬ চনত মিলানত জন্মগ্ৰহণ কৰা বাৰ্লুস্কোনিয়ে ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ এটা কোম্পানী নিৰ্মাণ কৰি স্থাপন কৰিছিল। তাৰ পিছত তেওঁ ইটালীৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

ৰাজনীতিলৈ যোৱাৰ আগতে তেওঁ কিংবদন্তি ফুটবল ক্লাব এ চি মিলানৰ মালিক হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ।

লগতে পঢ়ক : Biparjoy Cyclone : ঘূৰ্ণীবতাহ বিপাৰজয়ৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ