Local, Vocal, Global

Murder in Tinsukia: তিনিচুকীয়াত নৃশংস হত্যাৰ বলি পিতা-পুত্ৰ

তিনিচুকীয়া, ১২ জুন : জঘন্য ! নৃশংস হত্যাকাণ্ড । ধাৰাবাহিক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য । হিংসা , বিদ্বেষে গ্ৰাস কৰিছে মানৱ সমাজক । আন এক জঘণ্য হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াত। ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘাতে ল’লে ভয়ংকৰ ৰূপ(Murder in Tinsukia) । অপমৃত্য হ’ল পিতা-পুত্ৰৰ। এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে তিনিচুকীয়াত।

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালৰ ১২নং আঠাই বস্তিত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো। নিজ বাসগৃহৰ ভিতৰতে দাৰে ঘপিয়াই হত্যা কৰিলে দুজনক। নিজ ভতিজাকে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনাটো(Murder in Tinsukia Father and son brutally murdered)।

তথ্য অনুসৰি মাটি বাৰীক লৈ দুই পৰিয়ালৰ মাজত দীৰ্ঘদিনৰ পৰা সংঘাত চলি আছিল। এই সংঘাতৰ বাবেই দেওবাৰে নৃশংস হত্যাৰ বলি হ’ল পিতা-পুত্ৰ। হত্যাৰ বলি হোৱা লোক দুজন সুৰেন মুড়া আৰু বাবলু মুড়া বুলি জানিব পৰা গৈছে(Murder in Tinsukia Father and son brutally murdered in Tinsukia)।

এই জঘন্য হত্যাকাণ্ডৰ মূল নায়ক আছিল গধ মুড়া।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গধ মুড়াক। গধ মুড়া নামৰ যুৱকজনে আন কেইবাজনো লোকৰ সহযোগত হত্যা কৰিছিল লোক দুজনক। শিহৰণকাৰী স্বীকাৰোক্তি হত্যাকাৰী গধ মুড়াৰ (Murder in Tinsukia Father and son brutally murdered)।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় লোকে হত্যাকাৰীক কৰায়ত্ত কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে হত্যাকাৰীক(Murder in Tinsukia Father and son brutally murdered in Tinsukia)। ইফালে হত্যাকাৰী গধ মুড়াই উল্লেখ কৰা হত্যাকাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্ত হ’ল পেতা মুড়া, ৰাহুল মুড়া, লীলা মুড়া, ৰাধা মুড়া আৰু মিলন মুড়া।বৰ্তমান পলাতক অৱস্থাত আছে পাঁচ অভিযুক্ত। ডুমডুমা আৰক্ষী ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Illegal liquor : অবৈধ সুৰাৰ ব্যৱসায়েৰে গাঁ কৰি উঠিছে দ্বাৰাগাঁও