Daily Horoscope for 12th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজিৰ দিনটো বন্ধুৰ সৈতে সময় কটোৱাৰ সময় ৷আজি আপুনি বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷
বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ৷ পদোন্নতি যোগ ৷ পূৰ্বে হৈ নুঠা কামবোৰ আজি পূৰণ হ’ব ৷
মিথুন ৰাশি: আজি আপোনাৰ পেটৰ সমস্যাই আমনি কৰিব ৷ ব্যৱসায়িক কামত উন্নতি লাভ ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷
কৰ্কট ৰাশি: আজি আপুনি পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ অসামাজিক আৰু বে-আইনি কামকাজৰ পৰা দূৰত থাকক ৷
সিংহ ৰাশি: বিবাহিত সকলৰ মাজত তৰ্কবিতৰ্ক হ’ব পাৰে ৷ আজি আপুনি অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ বাবে বিপদত পৰিব পাৰে ৷
কন্যা ৰাশি:আজিৰ দিনটো শুভ ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷
তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ সন্তানৰ কিছু কথাই চিন্তাত পেলাব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকল বাধাৰ সন্মুখীন হ’ব ৷ দূৰ ভ্ৰমণ নকৰাই ভাল ৷ অযথা তৰ্ক বিতৰ্ক এৰাই চলক ৷ নতুন কামত বিফল হ’ব পাৰে ৷
বৃশ্চিক ৰাশি: অত্যাধিক কামৰ বোজা আজি আপোনাৰ মূল মন্ত্ৰ হ’ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপাব পাৰে ৷
ধনু ৰাশি: পৰিয়াল ,বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্যৰ উদয় হ’ব ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷
মকৰ ৰাশি: পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ ব্যৱসায়ত উন্নতি ৷ শৰীৰ ভালে থাকিব ৷ ৷
কুম্ভ ৰাশি:আজি আপোনাৰ বাবে শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ যেন অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷
মীন ৰাশি: আজি আপুনি নতুন কামত টকা ব্যয় নকৰাটোৱেই মংগল ৷ শৰীৰ ভালে আৰু মন ভালে নাথাকিব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷