Local, Vocal, Global

Pradhan Mantri Matsya Sampada Yojana : ১৬৯ কোটি টকাৰ ব্যয়েৰে মীনপালনৰ আধাৰশিলা স্থাপন কৰিলে সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্ক, ১১ জুন : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পৰশোত্তম ৰূপালাই কেৰালাৰ থপ্পুম্পাডীত কোচিন ফিছিং বন্দৰৰ আধুনিকীকৰণ আৰু উন্নীতকৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ( Sarbananda Sonowal)।

এই প্ৰকল্পটো প্ৰায় ১৬৯.১৭ কোটি ব্যয়েৰে বিকশিত কৰা হয় । সামগ্ৰিক প্ৰকল্পটো মীন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY) আঁচনিৰ ৫০ কোটি টকাৰ অনুদানৰ জৰিয়তে আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সাগৰমালা প্ৰকল্প আঁচনি (৫০ কোটি টকা) আৰু পিপিপি অপাৰেটৰৰ বিনিয়োগ ৫৫.৮৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হয় ( Pradhan Mantri Matsya Sampada Yojana)। এই প্ৰকল্পৰ অধীনত চাৰিটা তাপমাত্ৰা নিয়ন্ত্ৰিত নিলাম হলৰ নিৰ্মাণে মাছ ধৰা বন্দৰৰ ক্ষমতা প্ৰতিদিনে ৪১৫ টন বৃদ্ধি কৰিব ।

এই অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেলী কয় যে , “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাছৰ উৎপাদন দুগুণ কৰা আৰু মীনপালন খণ্ডক সমৃদ্ধ কৰাত গুৰুত্ব আৰোপ কৰিছে। তেখেতৰ সবল নেতৃত্বত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু মীন বিভাগে কোচিন ফিচাৰিছ হাৰ্বাৰক বাস্তৱত পৰিণত কৰিবলৈ একেলগে কাম কৰি আছে । কোচিন মীনপালন বন্দৰৰ উন্নয়নে মাছমৰীয়াসকলৰ জীৱন ধাৰণৰ মান আৰু অৰ্থনীতি উন্নত কৰিব । প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত মাছ আৰু মীনজাত সামগ্ৰীৰ ৰপ্তানি বছৰি ১৫০০ কোটি টকালৈ বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে।”

১৬৯.১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া কোচিন ফিছিং হাৰ্বাৰ নিৰ্মাণৰ ফলত মাছমৰীয়াসকল যথেষ্ট উপকৃত হ’ব আৰু মাছৰ ৰপ্তানি অতি সহজ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী পৰশোত্তম ৰূপালাই উল্লেখ কৰে ।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত অভিলাষী সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে ২০৩৫ চনৰ ভিতৰত মুঠ ৫.৫ লাখ কোটি টকাৰ ৮০২টা প্ৰকল্প সম্পাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাৰদ্বাৰা দেশৰ সামুদ্ৰিক উন্নয়ন ত্বৰান্বিত হ’ব । এই প্ৰকল্পসমূহৰ ভিতৰত মুঠ ৯৯,২৮১ কোটি টকাৰ ২০২টা প্ৰকল্প সম্পূৰ্ণ হৈছে। সাগৰমালাৰ অধীনত উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত মুঠ ১০,৯০০ কোটি টকাৰ ১৭১টা প্ৰকল্পৰ বাবে আংশিকভাৱে পুঁজি যোগান ধৰা হৈছে। সাগৰমালা কাৰ্যসূচীৰ অধীনত মুঠ ৬২০ কোটি টকাৰে ৯টা মাছ ধৰা বন্দৰ প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ জৰিয়তে ৩০,০০০ মাছমৰীয়া উপকৃত হ’ব । ইয়াৰ উপৰিও ৫৫০ কোটি টকা ব্যয়েৰে ৫টা মাছ ধৰা বন্দৰৰ আধুনিকীকৰণ কৰা হৈছে ।

লগতে পঢ়ক : Security beefed : গৃহমন্ত্ৰীৰ ৰাজহুৱা বৈঠকৰ পূৰ্বে বিশাখাপট্টনমত অধিক কটকটীয়া কৰা হ’ল নিৰাপত্তা ব্যৱস্থা