Local, Vocal, Global

India to be among top three economies: ২০২৭ ৰ ভিতৰত বিশ্বৰ শীৰ্ষ তৃতীয় অৰ্থনীতিৰ ভিতৰত থাকিব ভাৰত: ৰাজনাথ সিং

নেশ্যনেল ডেস্ক ,১০ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে কল্পনা কৰা ধৰণে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত দেশৰ যুৱ প্ৰজন্মক নতুন ধাৰণা আৰু উদ্ভাৱনৰ সৈতে ওলাই আহি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) ।

শনিবাৰে বিহাৰৰ ৰোহতাছ জিলাৰ গোপাল নাৰায়ণ সিং বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰে (Convocation ceremony of Gopal Narayan Singh University)।

ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে ভাৰতে ইয়াৰ সোণালী যুগত প্ৰৱেশ কৰিছে আৰু ২০৪৭ চনৰ ভিতৰত ‘অমৃত কাল’ৰ শেষত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশে অভূতপূৰ্ব গতিৰে আগবাঢ়িছে ।

ৰাজনাথ সিঙে কয়, “ভাৰতৰ অৰ্থনীতি এক প্ৰচণ্ড স্তৰত বৃদ্ধি পাইছে । ভাৰতে বিশ্বৰ শীৰ্ষ পঞ্চম অৰ্থনীতিত যোগদান কৰিছে(India has joined top 5 economies)। মৰ্গান ষ্টেনলিৰ প্ৰতিবেদন (Morgan Stanley report) অনুসৰি ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ শীৰ্ষ তৃতীয় অৰ্থনীতিৰ ভিতৰত গণ্য কৰা হ’ব (India to be among top three economies) ।”

তেওঁ লগতে দেশৰ ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰৰ বিকাশ (Growth of start-up ecosystem in India)ৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে ষ্টাৰ্ট-আপৰ সংখ্যা আজি প্ৰায় এক লাখলৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত ১০০ তকৈও অধিক ইউনিকৰ্ণ আছে । আজিৰ পৰা সাত-আঠ বছৰ আগতে ষ্টাৰ্ট-আপৰ সংখ্যা আছিল মাত্ৰ ৫০০ ।

“আমাৰ দেশখনক উচ্চ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ অৰিহণাৰ সম্পূৰ্ণ সম্ভাৱনা আৰু সামৰ্থ্য আছে।” এই কথাক অধিক গুৰুত্ব প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

শিক্ষাৰ্থীসকলক শিক্ষা আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত যিমানেই গুৰুত্ব দিয়ে, সিমানেই দেশৰ সংস্কৃতি, মূল্যবোধ আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ ওপৰতো গুৰুত্ব দিবলৈ তেখেতে আহ্বান জনায় ।

তেওঁ কয়, “আপোনাৰ মূল্যবোধ কেৱল পৃথিৱীত আপোনাৰ পৰিচয় নহয়, ই আপোনাৰ পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু দেশৰো পৰিচয় ।”

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক চৰিত্ৰ নিৰ্মাণত মনোনিবেশ কৰিবলৈ আহ্বান জনাই কয় যে, ভাৰত হৈছে এনে এক স্থান, য’ত এজন ব্যক্তিৰ মূল্য কেৱল তেওঁৰ জ্ঞানৰ দ্বাৰাই নহয়, মূল্যবোধ আৰু আচৰণৰ জৰিয়তেও তেওঁৰ সেই দক্ষতা ব্যৱহাৰ কৰা হয় ।

তেওঁ কয়, “অহংকাৰ, অত্যাধিক আত্মবিশ্বাস আৰু আত্মকেন্দ্ৰিক মনোভাৱ হৈছে বিকাশৰ আটাইতকৈ ডাঙৰ বাধা । এনে ক্ষেত্ৰত সকলোকে একেলগে লৈ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাটোও লক্ষ্য হ’ব লাগে ।”

যিহেতু শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীসকলক শৈক্ষিক আৰু মানসিক পৰ্যায়ত প্ৰতিপালন কৰি আগুৱাই নিয়ে, তেনে সময়ত তেওঁলোকক আধ্যাত্মিকভাৱে প্ৰস্তুত থাকিবৰ বাবেও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

লগতে তেওঁ শিক্ষাগুৰুসকলক ভ্ৰাতৃত্ববোধক ছাত্ৰ-ছাত্ৰীৰ হৃদয় আৰু মনত স্থান দিয়াবৰ বাবে তেওঁলোকৰ চিৰন্তন শিখাডাল জ্বলাই তুলিবলৈকো আহ্বান জনায়।

তেওঁ ইয়াক এজন ব্যক্তিৰ ব্যক্তিত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰে, যি কেৱল কোনো এজন লোকৰ ব্যক্তিগত বিকাশেই নহয়, সমাজৰ বিকাশো নিশ্চিত কৰে ।

লগতে পঢ়ক: Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰে অমিত শ্বাহে