Local, Vocal, Global

Cyber criminal arrested : জাগীৰোডৰ ঝাৰগাঁৱত আটক চাইবাৰ অপৰাধী

জাগীৰোড, ১০ জুন : মৰিগাঁও জিলাত অব্যাহত আছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ এইবাৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে আন এজন চাইবাৰ অপৰাধী মুস্তাকিন আলী (Cyber criminal arrested) ৷ মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত শনিবাৰে জাগীৰোডৰ ঝাৰগাঁৱৰ পৰা আটক কৰে মুস্তাকিনক ৷

ভুৱা নথিপত্ৰৰে বিভিন্ন কোম্পানীৰ প্ৰায় ১২ হাজাৰ চিমকাৰ্ড সক্ৰিয় কৰিছিল আচটকাধীন মুস্তাকিনে । আৰু সেই বৃহৎ সংখ্যক চিমকাৰ্ড ব্যৱহাৰ হৈছিল বিভিন্ন অপৰাধজনিত কাৰ্যত ৷ ভোডাফোন আৰু জিঅ’ টেলিকম কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হোৱাৰ সুবাদতে প্ৰায় ৮ বছৰ পূৰ্বে বন্ধ হৈ যোৱা এখন প্ৰতিষ্ঠানৰ আই ডি ব্যৱহাৰ কৰি চিমকাৰ্ড সমূহ সক্ৰিয় কৰি আহিছিল চাইবাৰ অপৰাধী মুস্তাকিন আলীয়ে (Arrested Mustakin Ali) ৷

মৰিগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (অপৰাধ শাখা) সমীৰণ বৈশ্যই উল্লেখ কৰা অনুসৰি, জাগীৰোড আৰক্ষী থানাত ৰুজু থকা ৪/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে মুস্তাকিনক (DSP Samiran Baishya) ৷

উল্লেখ্য যে, অসমৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোণ লোৱাৰ লগতে বহু বিত্তীয় কেলেংকাৰীৰ দৰে অপৰাধজনিত কাৰ্যত এই ভুৱা চিমকাৰ্ডসমূহ ব্যৱহাৰ কৰি অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে মৰিগাঁও আৰক্ষীৰ তত্বাৱধানত এজন ৰিটেইলাৰক ১৪ হাজাৰ চিমসহ ছৰিফুল ইছলাম নামৰ এজন যুৱকক আটক কৰিছিল । বন্দনা ষ্টোৰৰ ৰিটেইলাৰৰ নামত প্ৰায় ১৪ হাজাৰ চিম ব্যৱহাৰ ভূৱা প্ৰমাণ দি বহু লোকক লুটি আছিল । এই অভিযানৰ সময়তে জাগীৰোড PS 4/23 অধীনত শনিবাৰে মুস্তাকিন আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Trafic Role Viration : বাতিল হ’ল পাঁচ বছৰৰ পুৰণি ট্ৰেফিক চালান