Wrestler Protest : ন্যায় পালেহে মল্লযুঁজাৰুৱে এছিয়ান গেমছত কৰিব অংশগ্ৰহণ

নেশ্যনেল ডেস্ক, ১০ জুন : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে (Wrestler Protest)। এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । যৌন নিৰ্যাতনৰ অভিযোগক লৈ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে শনিবাৰে কয় যে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে তেওঁলোকৰ “ইছ্যু সমাধান” হোৱাৰ পিছতহে এছিয়ান গেমছত অংশগ্ৰহণ কৰিব ( issues get resolved)।
শনিবাৰে হাৰিয়ানাৰ শোনিপাটত অনুষ্ঠিত মহাপঞ্চায়তত সাক্ষী মালিকে কয় যে, “এই সকলোবোৰ সমস্যা সমাধান হ’লেহে আমি এছিয়ান গেমছত অংশগ্ৰহণ কৰিম (Mahapanchayat) । আমি প্ৰতিদিনে মানসিকভাৱে কি অৱস্থাৰ মাজেৰে পাৰ হৈছো সেয়া আপোনালোকে বুজিব নোৱাৰে।”
আগন্তুক ছেপ্টেম্বৰ মাহত চীনত অনুষ্ঠিত হ’ব এছিয়ান গেমছ ২০২৩ । প্ৰতিযোগিতাখনৰ পৰা মল্লযুঁজাৰুসকলৰ প্ৰত্যাহাৰে ভাৰতক যথেষ্ট প্ৰভাৱিত কৰিব পাৰে । কিয়নো ২০১৮ চনৰ শেষৰ এছিয়ান গেমছত বজৰং পুনিয়া আৰু বিনেশ ফ’গাটে স্বৰ্ণ পদক বিজয়ী হৈছিল ।
শনিবাৰে পুৱা অলিম্পিয়ান বজৰং পুনিয়াই কয় যে মহাপঞ্চায়তৰ সময়ত তেওঁলোকক সমৰ্থন কৰা ৰাইজৰ আগত চৰকাৰৰ সৈতে তেওঁলোকৰ আলোচনা আগবঢ়াই নিব। লগতে বজৰং পুনিয়াই কয় যে, চৰকাৰৰ সৈতে আমি যিয়েই নহওক কিয়, আমি সেই বিষয়ে আলোচনা কৰিম যিসকল লোকে আমাক সমৰ্থন কৰিছে আৰু আমাৰ সৈতে থিয় দিছে ।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁদাৰুসুলক সাক্ষাৎ কৰি বৃহস্পতিবাৰে কৈছিল যে প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সৈতে হোৱা আলোচনা ইতিবাচক আৰু বিভিন্ন দাবীৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে (Anurag Thakur) । আন্দোলনকাৰী মল্লযুঁজাৰুসকলৰ সৈতে অতি ইতিবাচক আলোচনা হৈছিল । তেওঁলোকৰ পক্ষৰ পৰা অহা সকলো বিষয়ৰ ওপৰত গুৰুত্বসহকাৰে আলোচনা কৰা হৈছিল। আমি কৈছো যে ১৫ জুনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব আৰু ৩০ জুনৰ ভিতৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । খেলুৱৈসকলৰ বাবে আভ্যন্তৰীণ অভিযোগ সমিতি গঠন কৰা হ’ব আৰু এগৰাকী মহিলা খেলুৱৈ অথবা কোনো মহিলা বিষয়াক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব ।’
ভাৰতীয় অলিম্পিক সন্থাৰ তদৰ্থ সমিতিৰ বাবেও মল্লযুঁজাৰুসকলে দুজন প্ৰশিক্ষকৰ নাম প্ৰস্তাৱ কৰিছে । তেওঁলোকক ইয়াৰ সদস্য হিচাপে গঢ়ি তোলা হ’ব । ঠাকুৰে কৈছিল যে মল্লযোদ্ধাসকলে জনোৱা অনুসৰি তেওঁলোকে তেওঁলোকৰ সমৰ্থকসকলক আলোচনাৰ বিষয়ে অৱগত কৰিব। আমিও বিচাৰো যে খেলুৱৈসকলে শীঘ্ৰেই মেটলৈ উভতি আহক আৰু আগন্তুক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক।’
উল্লেখ্য যে মল্লযোদ্ধাসকলে বুধবাৰে অনুৰাগ ঠাকুৰক আলোচনাৰ বাবে চৰকাৰৰ নতুন প্ৰস্তাৱৰ পিছত সাক্ষাৎ কৰিছিল ।
দিল্লী আৰক্ষীয়ে এজাহাৰ পঞ্জীয়নৰ পিছত বিজেপিৰ সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত চলাই আছে (sexual harassment Brij Bhushan Sharan Singh)।
উল্লেখ্য যে পূৰ্বে মল্লযুঁজাৰুসকলৰ আৰক্ষীৰ সৈতেও মুখামুখি সংঘৰ্ষ হৈছিল যেতিয়া বিষয়াসকলে তেওঁলোকক “ৰাজধানীত আইন-শৃংখলা উলংঘা” কৰাৰ অপৰাধত আটক কৰিছিল । নতুন সংসদ উদ্বোধনৰ দিনা এই ঘটনা সংঘটিত হৈছিল। সংসদ চৌহদৰ সমীপতে মহিলা মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে মল্লযুঁজাৰুসকলে এক সমদল উলিয়ালে । অৱশ্যে তেওঁলোকক আটক কৰি দিল্লী আৰক্ষীয়ে তেওঁলোকক পৃথক স্থানলৈ লৈ গৈ প্ৰতিবাদস্থলীত থকা তম্বুসমূহ মুকলি কৰি দিয়ে ।
লগতে পঢ়ক : Trafic Role Viration : বাতিল হ’ল পাঁচ বছৰৰ পুৰণি ট্ৰেফিক চালান