Fire in coal-laden goods train: ওড়িশাত পুনৰ কয়লা ভৰ্তি ৰে’লৰ ৱেগনত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ১০ জুন: শুকুৰবাৰে নিশা ওড়িশাৰ খোৰধা জিলাৰ বালুগাঁও ৰে’ল ষ্টেচনত কয়লা ভৰ্তি এখন মালবাহী ৰে’লৰ ৱেগনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire in coal-laden goods train at Balugaon railway station) ।
প্ৰাপ্ত খবৰ অনুসৰি একাংশ লোকে ষ্টেচনটোৰ ২ নম্বৰ প্লেটফৰ্মত ৰখাই থোৱা অৱস্থাত মালবাহী ৰে’লখনৰ এটা ৱেগনৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে (Smoke comes out of train wagon)।
লগে লগে বানাপুৰ অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয় এই খবৰ । ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এই জুই নুমুৱাবলৈ সক্ষম হয় (Firefighters of Banapur fire station) । অৱশ্যে অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ।
এই ঘটনাৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যখনৰ খাৰিয়াৰ ৰোড ৰে’ল ষ্টেচনত দুৰ্গ-পুৰী এক্সপ্ৰেছ (Durg-Puri Express) যাত্ৰীবাহী ৰেলখনত আন এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । খৰিয়াৰ ৰোড ৰে’ল ষ্টেচন পোৱাৰ পিছতে এক্সপ্ৰেছখনৰ এটা ডবাৰ তলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল (Khariar Road Station)।
ইষ্ট ক’ষ্ট ৰে’লৱে (East Coast Railway)ৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ডবাটোৰ ব্ৰেক সম্পূৰ্ণভাৱে মুকলি নোহোৱাৰ ফলত হোৱা ঘৰ্ষণৰ বাবে ৰে’লখনৰ ব্ৰেক পেডত জুই লাগিছিল । ইষ্ট ক’ষ্ট ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি, ডবাটোৰ ভিতৰলৈ জুই সম্প্ৰসাৰণ হোৱা নাছিল । তাৰোপৰি ব্ৰেক পেডৰ বাহিৰে ৰে’লখনৰ আন কোনো ক্ষতি হোৱা নাই বুলি ইষ্ট ক’ষ্ট ৰে’লৱে ষ্পষ্ট কৰি দিয়ে ।
পৰৱৰ্তী সময়ত ইষ্ট ক’ষ্ট ৰে’লৱে নিশ্চিত কৰে যে, এই সমস্যাটোৰ সমাধানৰ অন্তত নিশা ১১ বজাত খাৰিয়াৰ ৰোড ষ্টেচনৰ পৰা ৰে’লখন গন্তব্যস্থানৰ দিশে ৰাওনা হয় ।
লগতে পঢ়ক : Fire in Train : যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড