Local, Vocal, Global

Fire in Train : যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ৯জুন : বিপদে যেন লগ এৰা নাই ভাৰতীয় ৰে’লৱেত।বিগত এসপ্তাহত উৰিষ্যাত সংঘটিত হৈছে চাৰিটাকৈ ৰে’ল দুৰ্ঘটনা। যোৱা ২ জুনত সংঘটিত হোৱা বালাছোৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৫, ৭ আৰু ৮ জুনত তিনিটাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। এটাৰ পিছত সংঘটিত হৈছে আন এটা দুৰ্ঘটনা। শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেত সংঘটিত হোৱা দুৰ্ঘটনা চিন্তিত কৰি তুলিছে ৰে’ল যাত্ৰী সকলক ।

বৃহস্পতিবাৰে অৰ্থাৎ ৮ জুনৰ নিশা ওড়িশাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছ ৰে’লখনত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত (Train accidents in Odisha)৷ এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈ অহাৰ মাজতে পুনৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই এতিয়া ৰে’লৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ৰে’ল বিভাগৰ সূত্ৰ অনুসৰি, ৰে’লখনৰ B3 AC দবাৰ ব্ৰেক পেডৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷জানিব পৰা মতে, পূব মণ্ডল ৰে’লৱেৰ প্ৰাৰম্ভিক প্ৰতিবেদন ঘৰ্ষণৰ বাবে ব্ৰেকপেডত জুই লাগিছিল ৷ অৱশ্যে এই জুয়ে দবাটোৰ কোনো ক্ষতিসাধন কৰা নাই(Fire in Train) ৷
স্থানীয় লোকে এটা AC দবাৰ তলৰ পৰা ক’লা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল ৷ ঘন ধোঁৱাই ছানি ধৰে দবাটো(Odisha burning train)৷ তাৰ পাছতে যাত্ৰীসকল বাহিৰলৈ ওলাই আহে।

স্থানীয় ৰে’ল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে(Fire in Train)।

জুই নিৰ্বাপনৰ পিচতে পুনৰ লক্ষ্যস্থানলৈ ৰাওনা হয় ৰে’লখন। নিশা প্ৰায় 11 বজাত ৰে’লখন খাৰিয়াৰ ৰোড ষ্টেচনৰ পৰা ৰাওনা হয় (Fire broke out in a AC coach of Durg puri Express) ৷ এয়া ওড়িশাত চতুৰ্থটো ৰে’ল দুৰ্ঘটনা ৷

২ জুনত বালাছোৰত ক’ৰ’মণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হৈ সংঘটিত হোৱা শোকাৱহ ঘটনাত কমেও ৩০০ গৰাকী লোকৰ মৃত্যু হয় আৰু সহস্ৰাধিকলোক আহত হয় ৷ এই ঘটনাই জোঁকাৰি যায় সমগ্ৰ দেশক (Balasore tragic rail accident) ৷ ইফালে যোৱা বুধবাৰে এখন ৰখাই থোৱা মালবাহী ট্ৰেইন হঠাৎ লাইনচ্যুত হোৱাত ৰে’লখনৰ তলত শুই থকা ৬ জন শ্ৰমিক নিহত হয় ৷

একেদিনাই অসমৰ কামৰূপ জিলাৰ শিঙৰা ৰে’ল ষ্টেচনৰ সমীপতো এখন কয়লা ভৰ্তি ৰে’লৰ ১৫ টা ডবা লাইনচ্যুত হয় (Odisha latest train accident) মাত্ৰ এটা সপ্তাহৰ ভিতৰত এইদৰে দেশৰ কেইবাটাও প্ৰান্তত সংঘটিত হোৱা দুৰ্ঘটনা ফলত এতিয়া প্ৰশ্ন উঠিছে।এনে ঘটনাৰ প্ৰতি কিয় সচেতন হোৱা নাই ?

লগতে পঢ়ক :Kajol deletes all her Instagram posts: কাজলে ডিলিট কৰিলে তেওঁৰ সকলো ইনষ্টাগ্ৰাম পোষ্ট