Local, Vocal, Global

19 Newly constructed tea plantation model schools : ২০-২২ জুনত উদ্বোধন হ’ব ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয়

গুৱাহাটী, ৯ জুন : ৰাজ্যত ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয় অহা ২০ৰ পৰা ২২ জুনৰ ভিতৰত শুভ উদ্বোধন কৰা হ’ব । বৃহস্পতিবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰিবলগীয়া ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয়ত নিযুক্তিপ্রাপ্ত ১৩০গৰাকী অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে এক কাৰ্যসূচী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্রকাশ কৰে ।

ৰাজ্যত ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বিতীয়দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education minister Ranoj Pegu)। এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ লগত বিদ্যালয়সমূহৰ বিভিন্ন দিশৰ ওপৰত ভাৱ বিনিময় কৰে । লগতে বিদ্যালয়সমূহৰ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষক ১ লাখ টকাৰ চেক প্ৰদান কৰে ।

এই অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশেৰে আগুৱাই নিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। সেই উদ্দেশ্যে চাহ বাগিচা এলেকাত বিগত বৰ্ষৰ পৰা ৯৭খন চাহ বাগিচা আদর্শ বিদ্যালয়ত পাঠদান আৰম্ভ কৰা হৈছে । লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যৰ ১৯ খন বাগিচাত ১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰা হৈছিল।

উল্লেখ্য যে চলিত বৰ্ষত ১৯খন নৱনিৰ্মিত চাহ বাগিচা আদর্শ বিদ্যালয় শুভাৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। নৱনিৰ্মিত আদর্শ বিদ্যালয়সমূহ অহা ২০ৰ পৰা ২২ জুনৰ ভিতৰত উদ্বোধন কৰা হ’ব (19 model schools to be inaugurate)। এই ১৯ খন আদৰ্শ বিদ্যালয়ত চাহ বাগিচাৰ ২৬০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে । প্ৰতিখন আদৰ্শ বিদ্যালয়ত ইতিমধ্যে ৮ জনকৈ শিক্ষকক নিয়োগ কৰা হৈছে ।

লগতে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা ভাষাৰ ব্যৱধান আঁতৰাই আগুৱাই নিবলৈ শিক্ষকসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷

ইয়াৰোপৰি লোকনির্মাণ বিভাগে আৰু ১০০খন আদর্শ বিদ্যালয় নিৰ্মাণৰ কাম হাতত ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে চাহ জনগোষ্ঠীৰ নৱপ্ৰজন্ম আগুৱাই যাব পাৰে তাৰ বাবেও ৰাজ্য চৰকাৰে ২৫খন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আদর্শ বিদ্যালয়সমূহক অতি শীঘ্ৰে ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১৯ খন আদৰ্শ বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তৎকালীনভাৱে সম্পূৰ্ণ কৰি তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশনা দিছিল ৷ ইয়াৰোপৰি নতুন এই শিক্ষানুষ্ঠানসমূহত আচবাব, ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে এনে শিক্ষানুষ্ঠানসমূহত বৃক্ষ ৰোপণৰ বাবেও নিৰ্দেশনা দিয়ে ।

লগতে পঢ়ক : Tree Plantation : একেদিনাই ৰাজ্যজুৰি ৰোপণ হ’ব এক কোটি গছপুলি