Local, Vocal, Global

Weather Forecast : উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে

নিউজ ডেস্ক, ৯ জুন : অৱশেষত ৰাজ্যবাসীলৈ কিছু সকাহ। উৎকট গৰমৰপৰা ৰক্ষা পাব অসমবাসীয়ে ( Assam will be protected from heat)। আগন্তুক কিছুদিনলৈ ৰাজ্যত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । বিগত কেইবাদিন ধৰি প্ৰখৰ ৰ’দ আৰু গৰমে দহাৰ পাছত বৰষুণৰ মুখ দেখিব ৰাজ্যবাসীয়ে । অত্যন্ত গৰমে ৰাইজক জুৰুলা কৰাৰ সমৱয়তে এই খবৰে সকলোকে কিছু সকাহ দিছে । এই বৰষুণ কিছুদিনলৈ থাকিব বুলি অনুমান কৰা হৈছে।

বৰষুণ হোৱাৰ লগতে বিজুলী-ঢেৰেকণীৰো সম্ভাৱনা বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে (Meteorological Department) । ইফালে অসমৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যত অত্যধিক বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা, কোন কোন ঠাইত বৰষুণ হ’ব । উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বজ্ৰপাত অথবা বিজুলী ঢেৰেকণী দিয়াৰ সম্ভাৱনা আছে ।

শুকুৰবাৰৰ দিনটোত ৰাজ্যবাসীয়ে গৰমৰ পৰা বহু পৰিমাণে সকাহ পাব । বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু বিচ্ছিন্ন প্ৰচুৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে । লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বজ্ৰপাত অথবা বিজুলী ঢেৰেকণী দিয়াৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আজিৰ দিনটোত সৰ্বোচ্চ তাপমান গুৱাহাটীত ৩৮.২ ডিগ্ৰী, ডিব্ৰুগড়ত ৩৬.৪ ডিগ্ৰী, তেজপুৰত ৩৯.০ ডিগ্ৰী, শিলচৰত ৩৮.৪ ডিগ্ৰী, ধুবুৰীত ৩৪.৫ ডিগ্ৰী, যোৰহাটত ৩৬.৩ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত ৩৭.৫ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে (Regional Meteorological Center) ।

আনহাতে, দিনটোৰ সৰ্বনিম্ন তাপমান গুৱাহাটীত ২৭.৪ ডিগ্ৰী, ডিব্ৰুগড়ত ২৬.৩ ডিগ্ৰী, তেজপুৰত ২৭.৯ ডিগ্ৰী, শিলচৰত ২৬.৬ ডিগ্ৰী, ধুবুৰীত ২৯.২ ডিগ্ৰী, যোৰহাটত ২৫.২ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত ২৫.৮ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে ।

অসমৰ প্ৰায়বোৰ ঠাইতে শুকুৰবাৰ গোটেই দিনটো বৰষুণ হ’ব পাৰে । দিনৰ ভাগত বৰষুণৰ সম্ভাৱনা ৮৮ শতাংশ আৰু ৰাতিৰ ভাগত ৯৮ শতাংশ আছে । আনহাতে কোনো কোনো চহৰত দিনটো ডাৱৰে ঢাকি ৰাকিব পাৰে আৰু মধ্যমীয়া বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে ।

ইয়াৰোপৰি, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ মুখ্য চহৰত আজিৰ সৰ্বোচ্চ তাপমান ২৬–৩৮ ডিগ্ৰীৰ ভিতৰত থাকিব। শ্বিলঙত ২৬.৬ ডিগ্ৰী, ইম্ফলত ৩৩.৫ ডিগ্ৰী, ইটানগৰত ৩৮.৪ ডিগ্ৰী, আইজলত ২৮.৫ ডিগ্ৰী, আগৰতলাত ৩৫.০ ডিগ্ৰী, কহিমাত ২৮.০ ডিগ্ৰী আৰু পাচিঘাটত ৩৬.১ ডিগ্ৰী তাপমান হোৱাৰ সম্ভাৱনা আছে। লগতে, সৰ্বনিম্ন তাপমান শ্বিলঙত ১৮.৮ ডিগ্ৰী, ইম্ফলত ২০.৭ ডিগ্ৰী, ইটানগৰত ২১.০ ডিগ্ৰী, আইজলত ২০.১ ডিগ্ৰী, আগৰতলাত ২৯.৪ ডিগ্ৰী, কহিমাত ১৬.৬ ডিগ্ৰী আৰু পাচিঘাটত ২৭.২ ডিগ্ৰী হ’ব ।

লগতে পঢ়ক : Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ