Local, Vocal, Global

Ragging : গুৰুকুল গ্ৰামাৰ স্কুলত ৰেগিং কাণ্ড

গুৱাহাটী, ৬জুন : ৰাজ্যত পুনৰ ৰেগিং কাণ্ডৰ ঘটনা (Ragging in Assam)।পোহৰলৈ আহিছে এখনৰ পিছত আন এখন বিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনা। ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ৰেগিং বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। কিন্তু তথাপিও একাংশ বিদ্যালয়, মহাবিদ্যালয়ত বন্ধ হোৱা নাই ৰেগিং। ৰাজ্যত একাংশ বিদ্যালয়, মহাবিদ্যালয়ত এতিয়াও চলি আছে ৰেগিং।এতিয়াও ৰেগিঙৰ নামত চলাই আছে বৰ্বৰ অত্যাচাৰ। চৰকাৰ তথা প্ৰশাসন যিমানে সজাগ হৈছে সিমানে ৰাজ্যত বাঢ়ি গৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা।

ৰেগিঙৰ দৰে ভয়াবহ কাণ্ডৰ বাবে বহুটো শিক্ষাৰ্থী অকালতে মৰহি যায়। ক্ষন্তেকীয়া পৈশাচিক আনন্দৰ বাবে বহু হেজাৰ শিক্ষাৰ্থীৰ জীৱন নষ্ট হৈছে ইতিমধ্যে । তাৰ পিছতো কঠোৰ হ’ব পৰা নাই শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ । ছাত্ৰাবাস সমূহত প্ৰদান কৰিব পৰা নাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা। এই সন্দৰ্ভত হয়তো বিৰূপ মন্তব্য প্ৰকাশ হ’ব পাৰে শিক্ষাৰ্থী সকলৰ ব্যক্তিগত স্বাধীনতা খৰ্ব হোৱাৰ কিন্তু কোনো এক নিৰীহ শিক্ষাৰ্থীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাটো নিশ্চয়কৈ কোনো ব্যক্তি স্বাধীনতাৰ অন্তৰ্গত হ’ব নোৱাৰে সেইয়া ধূৰুপ ।

বুধবাৰে পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হয় আন এক ৰেগিঙৰ ঘটনা।এইবাৰ গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ উদ্ভণ্ডালি। গুৰুকুল গ্ৰামাৰ স্কুলত ৰেগিঙৰ নামত একাংশ ছাত্ৰৰ উদ্ভণ্ডালি। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰ কনিষ্ঠ ছাত্ৰক(Student attacks junior)। কেৱল ইমানেই নহয়, ৰেগিঙৰ কবলত পৰা ছাত্ৰক উদ্ধাৰ কৰিবলৈ যোৱা পিতৃক প্ৰহাৰ কৰে একাংশ উদণ্ড ছাত্ৰই (Ragging in Gurukul Grammar Senior secondary school) । গুৰুতৰভাৱে আঘাত হয় একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পিতৃ। এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।

আজি এক সভা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই।জানিব পৰা মতে, এই সভাৰ অন্তত ৰেগিঙৰ লগত জড়িত ৭ গৰাকী ছাত্ৰক ৭ দিনৰ বাবে বৰ্খাস্ত কৰে ।

গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ৰেগিং কাণ্ড এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বিদ্যালয়খনত ৰেগিঙৰ ঘটনা সংঘটিত হৈ আহিছে। এই ৰেগিঙৰ ঘটনাৰ পাছতেই এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল।

লগতে পঢ়ক : Abhi Neel Murder : অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ